বেটুপাত

বেটুপাত

Saturday, 16 March 2019

জীৱন (অনুভৱ প্ৰিয়ম মিৰি)



তোমাৰ চাগে সময় নাই
কাকো অপেক্ষা কৰাৰ
আনকি নিজকো !
তুমি নদীৰ দৰে গতিশীল
সুঁ‌তি সলায় শৈশৱৰ
চামে চামে মানুহ হৈ
পৃথিৱীলৈ আহে আৰু যায় ।
তুমি যোৱাৰ পৰত
অঙহী-বঙহীক দি থৈ যায়
একাজলি কান্দোনৰ স্পন্দন
এবুকু সজল চকুৰ বন্যা
এচলু সহিব নোৱাৰা বেদনা
এইয়ে আজি তুমি শেষত
জ্বলি জ্বলি ছাই হৈ গ'লা
তোমাৰ প্ৰতিটো দিনৰ সজীৱ সপোন
সৰি সৰি লঠঙা হৈ গ'ল
তোমাৰ প্ৰতিটো খোজৰ অপ্ৰতিম আশা ।

✍ অনুভৱ প্ৰিয়ম মিৰি
       ৯৩৬৫১০০০৭৫

No comments:

Post a Comment