বেটুপাত

বেটুপাত

Saturday, 16 March 2019

সন্ধ্যাতৰা (পৰাগজ্যোতি মহন্ত)



(ভাইটি জিতু কুৰ্মীৰ হাতত অৰ্পিত)

সাঁজ লগাৰ বেলিকা সেই সময়
ইমান গহীন ইমান নিৰ্জনতা !

নিৰ্জনতা ৷
নিৰ্জনতাৰ স্তৰে স্তৰে সোমাই আহিব খোজে
এন্ধাৰ, এন্ধাৰৰ গাঢ় ক’লা ৰং ৷
এন্ধাৰৰ চাকনৈয়াই চাকনৈয়াই কুৰুকি কুৰুকি সোমাই আহে ৰাতিৰ হুমুনিয়াহ !

আৰু
আৰু অ’ত ত’ত এটি দুটি চাকি জ্বলি উঠে--
সন্ধ্যাতৰাৰ !

পোহৰৰ এজাক চকামকা আশাত বন্দী হয় মুঠি মুঠি সন্ধ্যাতৰা অথবা উজ্জ্বল শুক্ৰতৰা ৷

সাঁজ গঢ়ি পিতি এন্ধাৰে পোনাই লয় নিজৰ বাট ৷
সন্ধ্যাতৰা, তোৰ চকামকা পোহৰৰ বিন্যাস ৷
অ’ত ত’ত দুটি এটিকৈ তৰা ৷
ওলমি ওলমি দুলি থাকিব
খোজে তেনেকৈয়ে হেজাৰ তৰা ৷

তৰাবোৰে যেন ৰ লাগি চাই থাকে মোক
তৰাবোৰে যেন লৈ যাব বিচাৰে মোক
ইপাৰ সীপাৰ নমনা এখন স্বপ্নময় অৰণ্যৰ দুবাহুলৈ ৷
অৰণ্য, দুৰ্বাৰ বাসনাৰে অৰণ্যক জীয়াই তুলিব বিচাৰো মোৰ উশাহ দি দি ৷

ভাল লাগে মোৰ নিৰ্জনতা !
নিৰ্জনতাৰ সীৰলুত গজি উঠা শব্দৰ আকুলতা ৷
ক’ত লুকু্ৱাওঁ !
মোৰ দুঃসময়ৰ আৰ্জিত বেদনা ৷
অৰ্ধগলিত অৰণ্যৰ ৰোদন ৷ সোঁৱৰণিৰ সুসজ্জিত তোৰণৰ সীপাৰৰ চকামকা সাঁজৰ তৰাৰ পোহৰ ৷

✍ পৰাগজ্যোতি মহন্ত

No comments:

Post a Comment