বেটুপাত

বেটুপাত

Saturday, 16 March 2019

তোমাৰ ছবি (পাৰ্থপ্ৰতীম শৰণীয়া)



(১)
অনুভৱৰ নিভাঁজ কাগজত
আঁকিলো তোমাৰেই ছবি ।
ঢালিলো চেনেহৰ ৰং তুলিকা
মন হ’ল জুৰণীয়া ।

(২)
আঁকিলো মুখনি
নীলা নীলা চকুৰ পাহি,
গুলপীয়া ওঁঠত
পিন্ধিলা হাঁহি,
পাহৰিছিলো দিবলৈ
তোমাৰ ক'লা তিলটি ।

(৩)
দিলো লাহেকৈ আঁকি
তোমাৰ কিচ্ কিচিয়া চুলিটাৰি,
নিজানত গৈ পালোঁ
কপৌফুলৰ মালাধাৰি
দিলো তাৰেই বুটাবছা শাড়ী ।

(৪)
নাজানো কোন তুমি
দেখাতচোন তিলোত্তমা পৰী,
নাজানিলো তোমাৰ নামটি
তথাপিও ল'লো সাৱতি
হৃদয়ৰ দেৱালত থ'লো আঁৰি ।

(৫)
চাওঁ বাৰে বাৰে চকুমেলি
ছবিটি লৈ বুলি,
মোৰ জীৱনৰ সংগী তুমি
দুৱাৰ থ'লো খুলি,
তুমি আহিবা বুলি,
ৰাখিছোঁ সযতনে
সপোনৰ পম খেদি
তোমাৰেই ছবি ।

✍ পাৰ্থপ্ৰতীম শৰণীয়া
      তামুলপুৰ,বাক্সা

No comments:

Post a Comment