বেটুপাত

বেটুপাত

Saturday, 16 March 2019

ৰ’দৰ কবিতা (বিকাশ নীল)



কোনেও চুই নোচোৱা গালখনত
           হঠাৎ  চুমা এটা সৰি পৰিল
ডেকা বেলিৰ যৌৱনপুষ্ট পৰশত তিতি-বুৰি
দুই লাজুকী উপত্যকাত
          সেউজ শইচ লাজতে পকিল

সময় বাগৰি বাগৰি ৰ’দালি
           ওঁঠলৈকে বৈ আহিল
এটা অজুহাতত তপত হৈ পৰা মাটিত
চিটিকি পৰা তেজাল উন্মাদনা
           স্বৰ্গীয় সুৰ এটিৰে বুকু কঁপিল

চিৰিঙকৈ শূণ্য পৰা সৰ্বশৰীৰলৈ বয়
           সংজ্ঞাহীনতাৰ আদিতম মায়া
এথোপ নীলাৰ নামত নিথৰ হৈ পৰা মনত
সৰ্বস্ব সপি দি
          হেৰাই পৃথিৱীৰ চিৰসত্য ছায়া

✍ বিকাশ নীল

No comments:

Post a Comment