বেটুপাত

বেটুপাত

Saturday, 16 March 2019

কবিতা (জুলি বৰা ফুকন)



(১)
সৰাপাত গৰকা আবেলিবোৰত
নিঃশব্দে পৰি ৰোৱা পদপথত
আইৰ ব্যাকুল নয়ন
ফাগুন ওভতি আহিব

(২)
তোমাৰ উপস্থিতি বা অনুপস্থিতিৰ অনুপাত
হৃদস্পন্দনৰ গতিত হে উমান পাওঁ

(৩)
ধূলিৰে ধূসৰিত পদূলি
ময়লাৰে ভৰা নীতি
এজাক বৰষুণৰ প্রয়োজন
এইয়া যে সময়
নিকা হোৱাৰ

✍ জুলি বৰা ফুকন

No comments:

Post a Comment