বেটুপাত

বেটুপাত

Saturday, 16 March 2019

নৰিয়াত পৰিছে আই (জ্যোতি পবন)



বেলি ভাটি দিবৰ হ'ল
সূৰ্য্যমুখীবোৰ এতিয়া মৰহিব ।
নিচুপ হৈ নৈখনে চকুলো বোৱাই
হয়তো এদিন মৰাসুঁতি হ'ব ।।

কলমত হওঁক
তৰোৱালৰ তীক্ষ্ণতা ।
কণ্ঠত বাজি উঠক
বাৰুদৰ আখৰা ।।

অঙহী-বঙহী সকলো আহ
নৰিয়া পাটীত আই ।
মুখৰ মাতষাৰ এবাৰ শুনি যা
পাছত শুনিবলৈ নাই ।।

বৰপুতেৰে ভোজ পাতিছে
তোক এঘৰীয়া কৰি ।
যদিও মই দুখীয়া নিচলা
কেনেকৈনো যাওঁ এৰি ।।

যাৱ যদি যা তহঁত সকলো
আইৰ কাষতে থাকিম ।
ভগনীয়াৰ চেকা নাসানো দুহাতত
অসমীয়া হৈ মৰিম ।।

তাহানিতেই কোঙা আইৰ দুভৰি
আৰু নিদিবি বোজা ।
ভালে থাকিলে তয়ো থাকিবি
নহ'লে ৰাইজেই ৰজা ।।

✍ জ্যোতি পবন
      নগাঁও,পলশাগুৰি
        ৮১৩৪৮৮৫২৯৮

No comments:

Post a Comment