বেটুপাত

বেটুপাত

Saturday, 16 March 2019

জীৱনৰ পদ্যবোৰ (মিণ্টুল হাজৰিকা)



পাহাৰে কান্দে
শিলবোৰে জানে
নৈখন ৰৈ থাকে

বুকুত গজে ভালপোৱাবোৰ
সৰিয়হ ফুলৰ দৰে

জিলিৰ মাতত ৰাতি সাৰে থাকে
আন্ধাৰক ভয় কৰে
তথাপিও বুকুত শুৱাই ৰাখে

কথাবোৰ ধোৱাৰ দৰে কুণ্ডলী পকাই আকাশলৈ যায়
মগজুত কৰ্ষিত হয়
ফ্ৰয়েডৰ সূত্ৰ

কৃষকে কৃষি কৰে
আকৌ খাব নাপায়
সিহঁতে মৰে

নিউটনে পোৱা আপেলটো
পচা আছিল নে পকা আছিল?
নে(?)কেছাতে সৰিছিল
এক আৱিষ্কাৰ নোহোৱা তত্ব

বৰষুণ নামে
নৈয়ে গিলিব নোৱাৰি বমি কৰে
সাগৰৰে ভাল খালেও পেট নভৰে
আমি সাগৰ হোৱা হ’লে

কাগজৰ নাওখনত
শৈশৱ আৰু শৈশৱ
বামত চলে
পানীত নচলে
নাওখন নিজৰ দৰে লাগে

সিহঁত মোৰ বন্ধু হৈ আছে
আৰু মই সিহঁতৰ বন্ধু হৈ আছো
সিহঁতে স্বৰ্গত যাব
আৰু মই হেনো নৰকত যাম
১০
আস্তিক আৰু নাস্তিক
বীৰ্য নিগৰা মাতাল
অভিনেতাৰ নিশাৰ সংলাপ

✍ মিণ্টুল হাজৰিকা
      8638259073

No comments:

Post a Comment