বেটুপাত

বেটুপাত

Saturday, 16 March 2019

অচিনাকী ফাগুন (দৃষ্টিৰূপা বৰদলৈ)



ফাগুন,
মইতো নাজানো জানা
তুমি আহিবা বুলি !
বুকুখন খোলা পাই
সোমাই আহিলা তুমি
শুকান পাতৰ স’তে কথাপাতি‌ ।
দুপাখিৰে পখিলাবোৰ লৈ নাযাবা
হে'ৰা মোৰ অচিনাকী ফাগুন !
আবেগ আৰু অনুভূতি
প্ৰেম আৰু সেউজীয়া
ৰঙা আৰু নীলা
আৰু প্ৰদীপৰ মালাৰে
গাঠা সুৰবোৰ
বন্ধা আছে তাত ।

✍ দৃষ্টিৰূপা বৰদলৈ
      বোকাখাত

No comments:

Post a Comment