বেটুপাত

বেটুপাত

Saturday, 16 March 2019

''যদি তুমি কোৱা…… তথাপি তোমাক ভালপাওঁ" (ৰাজ কুমাৰ তামুলী)

"যদি তুমি কোৱা……
                 তথাপি তোমাক ভালপাওঁ"


যদি তুমি কোৱা,
সৌ তিৰ্ বিৰ্ তৰাটি আনি দিয়া
মই নোৱাৰোঁ
তথাপি, তোমাক নিৰ্ভীকতাৰে ভালপাওঁ।

যদি তুমি কোৱা,
থাপ মাৰি জলমল জোনবাইক আনি দিয়া
মই নোৱাৰোঁ
তথাপি, তোমাক অন্তৰতমে ভালপাওঁ।

যদি তুমি কোৱা,
মেঘৰ দেশলৈ যাওঁ ব'লা,
মেঘমল্লাৰ শীতল ছাঁত
দুটি চৰাই হৈ দুয়ো জিৰাওঁ
মই নোৱাৰোঁ
তথাপি, তোমাক ভালপাওঁ।

তোমাক ভালপাওঁ মষ্ট গোঁৱাৰৰ দৰে
প্ৰস্তৰ যুগৰ শিলামূৰ্তিৰ দৰে
তোমাৰ ভালপোৱাৰে মই এজন বিদ্ৰোহী শ্বহীদ প্ৰেমিক……

তোমাক ভালপাওঁ, যিদৰে ভালপায়---
সূৰ্য্যই আন্ধাৰক
তৰাই পোহৰক
নদীয়ে সাগৰক
চৰায়ে শূন্যতাক
উৰাজাহাজে আকাশক ।

তোমাক ভালপাওঁ,
এশবাৰ কম হাজাৰবাৰ কম
দুহাত দাঙি চিঞৰি চিঞৰি
নষ্ট প্ৰেমিক পক্ষীবোৰক ।

তোমাক ভালপাওঁ বাবেইতো ফাগুনত
ফুলে ৰক্তময়ী শিমলু
সীমান্তত চিনা সৈনিকৰ ৰঙা পতাকা ।

তোমাৰ ভালপোৱাৰ বৰষুণত তিতি
মোৰ কবিতা হয় মুক্তি---
নতুনৰ পৰা নতুনত্বলৈ
হালধীয়াৰ পৰা নীলালৈ
ৰঙাৰ পৰা সেউজীয়ালৈ……
তোমাক ভালপাওঁ বাবেইতো
জোনটোও গলি উঠে শৰতৰ আকাশত ।

তোমাক ভালপাওঁ, যিদৰে ভালপায়---
ফিডেল কাষ্ট্ৰ'ই কিউবাক
আব্ৰাহাম লিংকনে আন্ ৰুটলেজক
ব'ব ডিলানে সংগীতক
কিটছে কবিতাক
বৰষুণে বসন্তক
পৃথিৱীয়ে চন্দ্ৰমাক
ৰবাৰ্ট ব্ৰাউনিঙে হীনমান্যতাত
অপমৃত্যু ঘটা এলিজাবেথ বাৰেটক

কিন্তু মই ভীৰু প্ৰেমিক হ'ব নোৱাৰোঁ
উমহু, ভীৰু প্ৰেমিক হ'ব নোৱাৰোঁ মই
কৰিবলে ছুইচাইড্, আত্মহনন

হ'ব নোৱাৰোঁ আধুনিক ছাহজাহানো
সাজিবলে আকাশলংঘী অট্টলিকা
এতিয়াই কৈ থ'লো তোমাক
দীনঃদুখী নিঃস্ব এই প্ৰেমিকৰ
উদং দুহাত উকা জেপ ।

মোক বেয়া নাপাবা,
মই তোমাৰ ঈশ্বৰোঁ হ'ব নোৱাৰোঁ ৷

প্ৰেমৰ বিধ্বংসী যুদ্ধৰ বল্গাহীন ঘোঁৰা চেঁকুৰা
মই এজন-পৰাস্ত কাৰাৰুদ্ধ হতভগা সৈনিক ।

মই অস্থিৰ, মই অধীৰ
মই আঁকোৰ-গোজ, মই ক্ষুণ্ণ
মাথো তোমাক ভালপাওঁ ।

তোমাক ভালপাওঁ বাবেই
পৃথিৱীক এইটচ্ ৰোগত আক্ৰান্ত হোৱা চাব নোৱাৰোঁ।
চিৰদিন চিৰন্তন হ'ব খোজোঁ
তোমাৰ আত্মাৰখীয়া ।

"পৃথিৱীৰ সমস্ত ভালপোৱা আৰু মানৱতাৰ
মোৰ শিৰৰ তুমি এপাহ পূজাৰ ফুল"

✍ ৰাজ কুমাৰ তামুলী

No comments:

Post a Comment