বেটুপাত

বেটুপাত

Saturday, 16 March 2019

সপোন যেন এজাক বৰষুণ (জিন্টিমণি গগৈ)



পুৱাৰ প্ৰভাতে ৰাঙলী কৰিলে,
পৃথিৱীৰ অপূৰ্ব সৌন্দৰ্য্য;

যিদৰে সূৰুয আহে আকাশৰ বুকুলৈ,
মোৰ মনো যাব খোজে তোমাৰ কাষলৈ ।

এজাক সপোনৰ বৰষুণে
জীপাল কৰিলে মনৰ প্ৰকৃতি,
ক্ৰমান্বয়ে কমৰ পৰা বেছি হ'বলৈ ধৰিলে
এই সপোনৰ বৰষুণ ৷

এই জীৱনৰ আগবেলাত
সপোনৰ বৰষুণ জাকে বৰকৈ খেদি নিছে মোক,
কিন্তু নহওঁ মই অস্থিৰ অধৈৰ্য্য ।

ধুমুহাৰ গতিত যাব
মোৰ যৌৱন কাল,
গাভৰু মনৰ উন্মাদনাক মই দমাব পৰা নাই;
বিচাৰি ফুৰে সদাই এখন সুন্দৰ পৃথিৱী
য'ত আছে মাথোঁ তোমাৰ অস্তিত্ব,
জীৱনৰ শেষ বেলাও তোমাক বিচাৰোঁ ।

হৃদয়ত বলিছে বতাহ ধুমুহাৰ গতিত
অস্থিৰ হ'ব খোজা মোৰ গাভৰু মনত
লৈছে থিতাপি কোনোবা অজান পক্ষী ।
উৰা মাৰিব খুজিছো আকাশলৈ,
বহু দূৰলৈ আৰু দূৰলৈ ।

✍ জিন্টিমণি গগৈ
       নকছাৰি

No comments:

Post a Comment