বেটুপাত

বেটুপাত

Saturday, 16 March 2019

জাৰ (দিগন্ত ৰাগ)



বুকুৰ উম দি ৰখা এটা ৰাইফল
যেন পোন্ধৰ মহীয়া কেচুঁৱা
নিটালে থাকে মাকৰ বুকুৰ উমত
আনে ল'লে কান্দে
ট্ৰিগাৰত আঙুলি দিয়ে
বুকুৰ ধপধপনি বাঢ়ে

কাউৰীৰ পিঠিত ডাৱৰৰ ছাঁ!

ব্যক্তিয়ে কবৰ খান্দে
--- জাতিটোৱে শুৱে

বুকুৰ উম পায়ো কেচুঁৱাটোৱে
ছটফটাই হাত ভৰি জোকাৰে
মাত নুফুটে
মাকক বিচাৰে

"আমাৰে মইনা শুৱ
বাৰীতে বগৰী ৰুব"
--- জাতিটোৱে  শুৱে

অজাতি কাউৰীয়ে ৰমলিয়ায়
ট্ৰিগাৰত থোৱা আঙুলিটো
শীতত ঠেৰেঙা লাগে

মহাৰথীৰ প্ৰাৰ্থনাত আকৌ নামি আহক সূৰ্য

✍ দিগন্ত ৰাগ
      9854447644

No comments:

Post a Comment