বেটুপাত

বেটুপাত

Monday, 14 January 2019

চেলেকা পোকৰ ভোক ( বিশ্বজিৎ ডি চেতিয়া )


        খণ্ড-

অফিচলৈ বুলি সোনকালেই আহিছিলোঁ।বছক কৈ সোনকালে ঘৰমুৱা ' বুলিয়ে।কিন্তু সোনকালে আহিছোঁ যদিও মন উগুল থূগুল-বছে বা ছুটী দিয়ে নাই!তেৰাৰ মহিমা অপাৰ- এই ফৰকাল এই ডাৱৰীয়া-মন মগজুত কি চলি থাকে ধৰিবই নোৱাৰি।ইফালে লাডেনৰো ঘনাই আহ- যাহ হৈছে-বিশেষকৈ লান্স ব্ৰেকৰ সময়ত।মূৰে কাম নকৰা হয় ষ্টাফৰ আটাইৰে।লাডেনৰ মতে কামেই কৰি থাক- খানা-পিনা মাৰ গুলি।এগালমান বকবক কৰি কেবিনত সোমাব।তাৰপাছত ফাইলৰ অনা -নিয়া চুৰু।অনা নিয়া কৰে জিঞাই।গতিকে কিবা কথা থাকিলেও তাই নকয় তথাপিও বন্ধ দুৱাৰৰ দেৱাল ভেদি লাডেন মাত ওফৰি নপৰা নহয়।ষ্টাফৰ আটায়ে এজনে আনজনৰ মুখলৈ চোৱা-চুই কৰোঁ।কিন্তু একো নুবুজোঁ।লাডেন যোৱাৰ পিছত বছৰ মূৰ উতলি থাকে।একো সুধিবই নোৱাৰি।আজিও যদি লাডেন আহে তেন্তে মোৰ সোনকালে আহি সোনকালে যোৱাৰো মুদা মৰিব।
   কথাবোৰ ভাবি ভাবি অফিচৰ গেট পাওঁতেই হঠাৎ অফিচৰ ভিতৰৰ পৰা দৌৰি ওলাই আহিল বৰতামুলী।দেখিলোঁ তাইৰ চকুত চকুপানী-কিন্তু মুখামুখি হৈও তাই একো নকৈ দৌৰি গুচি 'ল।বৰতামুলী বুলি চিঞৰিলোঁ কিন্তু তাই নাচালেই।কথাটো কি-একো বুজি নাপালোঁ।বৰতামুলী যোৱাৰ ফালৰ পৰা দৃষ্টি আঁতৰাই বাইকখন অফিচৰ ফালে ঘূৰাওঁতেই দেখিলোঁ বছ ওলাই আহিছে।কিন্তু মোক দেখি আকৌ সোমাই গুচি 'ল।একো বুজি নাপালোঁ।বাইকখন ৰখাই ভিতৰলৈ সোমাই 'লোঁ।কোনোৱে অহা নাছিল। আনকি গৌৰৱো নাই।কোঠাবোৰৰ লাইটো বন্ধ আছিল। আন্ধাৰে পোহৰ অৱস্থা এটাত কিবা ৰহস্য ৰহস্য লাগিল। আকৌ বৰতামুলীৰ কথা মনলৈ আহিল।তাই কিয় কান্দিছিল!কিয় 'লগৈ।কথাটো কিবা খেলিমেলি যেন লাগিল।ভাবি থাকোঁতেই দেখিলোঁ বছ আকৌ ওলাই আহি বাহিৰৰ ফালে গতি কৰিলে।
"ছাৰ-গুড মৰ্ণিং"
"মৰ্ণিং" বছ যাব খুজিলে।যেন তেওঁ অলপ লৰালৰি হৈছে।
"ছাৰ!!"
"কি?"
"ছাৰ -মানে ছাৰ-"
"কি মানে মানে কৰি আছা;সোনকালে কোৱা?"
"ছাৰ মানে বৰতামুলীৰ কিবা-"
"কিয় তোমাক কিবা 'লে নেকি?"
"নাই ছাৰ একো কোৱা নাই।কিন্তু তাই তেনেকৈ..."
"একো যদি কোৱা নাই তেন্তে নিজৰ কামত মন দিয়া।কাৰ কি হৈছে তাৰ খবৰ ৰাখিবলৈ কাকো চেলাৰী দিয়া নহয় আন্দাৰষ্টুড।"-বছ খৰখেদাকৈ ওলাই 'ল। একো বুজি নাপালোঁ ।হঠাৎ গৌৰৱ ওলালহি।সি বছৰ কথাখিনি শুনিলে-বছ যোৱাৰ পিছত সি মোৰ ফালে হাঁহিলে।তাৰ হাঁহিটোত কিবা ৰহস্য ৰহস্য লাগিল।কিন্তু সি একো কোৱাৰ সুযোগ নিদি খিৰিকী বিলাক খোলাত লাগিল।মই উগুল থূগুল ভাবেৰে বছৰ কেবিনলৈ 'লোঁ।দেখিলোঁ বছৰ কেবিনৰ বহু বস্তু অবিন্যস্ত হৈ আছে।বছেনো অবিন্যস্ত কোঠাত কেতিয়াৰ পৰা থাকিব '!খেলি-মেলি মাথোঁ খেলি মেলি লাগিছে ভাৱত।কি হৈছে অহাৰ পৰা!আকৌ একে ঠাইতে বহিলোহি। অলপ পাছতে গৌৰৱ আকৌ মোৰ ওচৰ পালেহি।
"কি ' ?...কনফিউজ নে কি?একো বুজা নাই? সকলো বুজি পাবি সময়ত..." ৰহস্যৰ হাঁহি এটা মাৰি
মুখেৰে কিবাকিবি গুণগুণাই গৌৰৱ বছৰ কেবিনৰ ফালে 'ল। মই গৌৰৱৰ ফালে থৰ লাগি চাই থাকিলোঁ। 


(আগলৈ)…

No comments:

Post a Comment