বেটুপাত

বেটুপাত

Monday, 14 January 2019

তুঁহ জুইৰ উম ( অৱলা )


ঢেঁকীশালত উমি উমি 
জ্বলা
তুঁহ জুইৰ বিকিৰণ,
দেহত উত্তাপৰ মৃদু শিহৰণ

ককা আইতাৰ 
ভূত ভৱিষ্যতৰ
মিঠা আলাপন
কুণ্ডলী পাক খোৱা 
সমস্যাৰ সমাপন

নিৰ্বাচনৰ বতৰ
তুঁহ জুইৰ উম
ভোট বিচৰা প্ৰাৰ্থীৰ দল
আহে হুম হুম গুম গুম  

ৰাষ্টা-ঘাট, দোকান-পোহাৰ
ৰমৰমীয়া গমগমীয়া,
ঘেৰিছে নিৰ্বাচনৰ মায়া

আইতাৰ হাতত
এয়াই  সুৱৰ্ণ সুযোগ,

বাটত পাই 
হাতত নেহেৰায়,
সমাজ সেৱাৰ নামত
লুটি-পুটি খোৱা সকলক
আজিয়েই এসেকা দিব ভালকৈ

ঘহ ঘহীয়া তুঁহ জুই
ফৰ-ফৰিয়া কথাৰ উম
ঘৰৰ পৰা বিশ্বলৈ
বা-বাতৰি খা- খবৰৰ ধুম

আঘোন মাহত
তুঁহ জুইৰ উম লোৱা
চাউলৰ পিঠা 
বিধে বিধে খোৱা 
তুঁহ জুইৰ উমৰ লেখীয়া
ভোগৰো থাকে প্ৰাণ জুৰোৱা উত্তাপ মিঠা

অৱলা

No comments:

Post a Comment