বেটুপাত

বেটুপাত

Monday, 14 January 2019

আমি আকৌ সংগ্ৰাম কৰিব লাগিব ( দিগন্ত কলিতা )


          দিল্লীৰ ওপৰত বৰ্তমান যুৱশক্তিৰ কোনো আস্থা নাই, কিয়নো প্ৰতি পাঁচ বছৰৰ মূৰত জন প্ৰতিনিধি হিচাপে দিল্লীলৈ পঠোৱা সাংসদ তথা দিছপুৰলৈ পঠোৱা বিধায়ক সমূহে কেৱল নিজৰ লাভাংশৰ কথাহে ভাবি থকা দেখা যায় তেওঁলোকে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা জাতিগত, ধৰ্মগত ৰাজনীতিৰ বাহিৰে অন্য কামত তেওঁলোক যেন কাছৰ খোজৰ গতি হে দেখা পোৱা যায়  
          অসম আন্দোলনত শ্বহীদ হোৱা লোকসকল তথা আলফালৈ গৈ ঘৰলৈ উভতি নহা শ্বহীদ বীৰ সকলৰ ত্যাগৰ প্ৰতিদানৰ বিপৰীতেও সুবিধাবাদী ৰাজনৈতিক নেতা সকলে কেৱল সাধৰণ জনতাক শোষণ কৰাৰ বাহিৰে বিশেষ একো কৰা নাই দিল্লী অথবা দিছপুৰৰ আৰামদায়ক চকীত বহি তেওঁলোকে পাহৰি যায় কৃষকৰ আত্মহত্যাৰ কথা, পাহৰি যায় বানপানী কিম্বা গৰাখহনীয়াত খহি গৈ থাকিবলৈ ভেঁটি নোহোৱা লোক সকলৰ কৰুণ বিননি তেওঁলোকে পাহৰি যায় বিদেশী মুক্ত অসম গঢ়াৰ সপোন, হিন্দু বাংলাদেশী, মুছলমান বাংলাদেশীৰ নামত বিদেশী ৰোধৰ বিপৰীতে আকৌ ৰাষ্ট্ৰই দিবলৈ ওলাইছে ২০১৬ বিধেয়ক আইনৰ জৰিয়তে খিলঞ্জীয়াৰ ওপৰত বিদেশী বোজা দুৰ্নীতি মুক্ত অসম গঢ়াৰ সপোন বুকুত বান্ধি জাতি, মাটি ,ভেটিৰ শ্লোগান দি শাসনত অহা বৰ্তমানৰ চৰকাৰখনেও ৰাইজৰ হকে কাম কৰা দেখা পোৱা নাই হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ সময়ত যি দৰে তেখেতে ময়ে ৰাষ্ট্ৰ বুলি কৈ হিটলাৰী শাসন চলাইছিল সাধৰণ জনতাৰ ওপৰত সেই ক্ষোভতে হয়টো পৰাগ দাসে চিঞৰি কৈছিল শইকীয়া গণশত্ৰু বুলি কিন্তু বৰ্তমান সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে বিদেশীৰ বোজা আমাৰ ওপৰত জাঁপি দিবলৈ কু-চক্ৰ চলাই আছে ইয়াৰ বাবে আমিও মুখ্যমন্ত্ৰী ডাঙৰীয়াক গণশত্ৰু বুলি 'বলৈ অলপো সংকোচ নকৰিম লাগিলে আমি আকৌ সংগ্ৰাম কৰিম এইবাৰ আমি হাতত বন্দুক ধৰি জংঘললৈ গৈ নহয় , ৰাইজৰ মাজত থাকি প্ৰতিজন যুৱক-যুৱতীয়ে নিজৰ সত্বাক সাক্ষী কৰি নিজৰ ঘৰ খনৰ পৰা নিজৰ প্ৰাপ্য, নিজৰ আত্মাসন্মানৰ হকে মাত মাতিব লাগিব দিল্লী অথবা দিছপুৰলৈ জন প্ৰতিনিধি হিচাপে পঠোৱা সকলক সুস্থ মগজুৰে বিবেচনা কৰিহে পঠাব লাগিব সকলো প্ৰাপ্তি তথা জাতি, মাটি, ভেটিৰ স্বাৰ্থৰ বাবে বৌদ্ধিক প্ৰশ্ন দাঙি ধৰিব লাগিব, আৰু উত্তৰ দিবলৈ বাধ্য কৰাব লাগিব দিল্লী কিম্বা দিছপুৰৰ নেতা সকলক  
          আমি সকলোৱেই জানোঁ গাঁৱৰ ভঙা পঁজাৰ পৰা দিল্লী কিম্বা দিছপুৰলৈ বহুদুৰ বাট সেয়েহে বৰ্তমানে আমি নিজেই নিজৰ ওপৰতে স্বাৱলম্বী হোৱাৰ সময় কিয়নো প্ৰতিবছৰে অহা ৰাজ সাহায্য সমূহ কেৱল কাগজে-খবৰেহে, নাইবা কোনোবা প্ৰভাৱশালী নেতাৰ জেপত সেইবাবেই দিল্লী কিম্বা দিছপুৰৰ আঁচনি সমূহে সাধৰণ জনতাক ঢুকি নাপাই আমি আত্মা নিৰ্ভৰশীল হৈ শাসক গোষ্ঠীক দৃষ্টিগোচৰ কৰাৰ সময় নহ'লে নিজৰ ঠাইতে আমাৰ জাতি, ভাষা, মাটি সকলো বিদেশীআতঙ্ক হোৱাৰ সময় আৰু বেছি নাই সেয়েহে এই সংগ্ৰামখন আমি নিজেই নিজৰ অধিকাৰ নিজৰ ভাষা নিজৰ মাটি ৰখাৰ স্বাৰ্থত কৰিব লাগিব আমাৰ সুবিধা অথবা সমস্যা সমূহক  ৰাষ্ট্ৰই আওকাণ কৰিলে আমি কৰবিহীন আন্দোলন এখন গঢ়ি তুলিব পাৰো কিয়নো আমাৰ খনিজ সম্পদ, জলজ সম্পদ, বনজ সম্পদৰ পৰা যিমানবোৰ ৰাজহ আমি ৰাষ্ট্ৰক প্ৰদান কৰি আহিছো সেইবোৰ বন্ধ কৰি 'লেও নিজৰ সমস্যা অথবা প্ৰাপ্তি সমূহ ৰাষ্ট্ৰৰ পৰা কাঢ়ি লব লাগিব নিজৰ প্ৰাপ্য সন্মান অথবা নিজৰ ভাষা নিজৰ মাটি, জাতিৰ বিপদৰ সময়ত নিমাত হৈ শীতৰ সময়ত জুইৰ উহ্য লৈ জুইহালত বহি থাকো তেতিয়া 'লে ভাষা, জাতি, মাটি সকলো বিদেশীৰ হাতত যাবলৈ আৰু কিমানপৰ ? সেয়েবাবে নিজৰ জাতি, মাটি, ভাষাৰ হকে আমি নিজেই সংগ্ৰাম কৰিব লাগিব ।।


দিগন্ত কলিতা

No comments:

Post a Comment