বেটুপাত

বেটুপাত

Monday, 14 January 2019

অনুগল্প ( পৰিস্মীতা বৰা হাজৰিকা )

 *() উপলব্ধি*

            ৰমলাই সদায় নিজৰ ৰাটোকে মৰম কৰিছিল, ভালৰো ভাল খুৱাইছিল   সতিনীৰ জীয়েক বুলি পূজাক মৰম কৰা দূৰৰে কথা কেতিয়াবা এষাৰ মাত দিবলৈও মন যোৱা নাছিল ৰমলাৰ মাহীমাকৰ ব্যৱহাৰত অতিষ্ঠ হৈ পূজাই কম বয়সতেই পলাই গৈছিল ওচৰৰে ৰা এটালৈ           
          কিন্তু একমাত্ৰ সন্তানে বিয়াৰ পিছতেই  ঘৈণীয়েকে কেনেকৈ বুঢ়ীক  আলপৈচান ধৰিব  বুলি ঘৰৰ পৰা বৃদ্ধাশ্ৰমত থবলৈ নিওতে পূজাই ককায়েকক তিৰস্কাৰ কৰি মাকক তাইক ঘৰলৈ লৈ যোৱাৰ সিদ্ধান্ত শুনি ৰমলাই মনে মনে বহুত লাজ পাইছিল আৰু নিজৰ ভুলৰ উপলব্ধি কৰি চকুলো টুকিছিল মনে মনে


*(চকুলো*

       লগৰ সকলোবোৰ পিকনিক খাবলৈ যোৱা দেখি উচুপি উঠিল মৌ বিষাই তাইৰ কনমাণি  কলিজাটো পুৱাৰে পৰা কান্দি কান্দি মৌৰ গাটো বেয়া লাগিল যদিও তাই নিয়াৰিকৈ কৰি গৈছিল কামবোৰ নহলে যে নতুন বছৰৰ প্ৰথমটো দিন আৰম্ভ হব মালিকনীৰ চৰ-ভুকুৰে তাইৰ বাৰে বাৰে মনত পৰিছিল মাকৰ শেতাপৰা  মুখখনলৈ আজি তাইৰ মাক থকা লে তায়ো এইদৰেই স্ফূৰ্তি কৰিব পাৰিলে হয় মাকে কেতিয়াও তাইক লোকৰ ঘৰত বাচন ধুবলৈ পঠিওৱা নাছিল   হাতখনলৈ চাই কান্দি উঠিছিল মৌ দেউতাক থাকিও মাউৰা হল মৌ মাকৰ কলিজাৰ এফাল মৌ আজি লোকৰ ঘৰৰ চাকৰনী মাকৰ অবিহনে সকলো শূন্য হৈ পৰিল মৌৰ জীৱনত আশা-আকাংক্ষা সকলো শেষ হৈ কনমাণিৰ মৌৰ
    

পৰিস্মীতা বৰা হাজৰিকা   
মাজুলী

No comments:

Post a Comment