বেটুপাত

বেটুপাত

Monday, 14 January 2019

মইও এদিন কবি হ'ম ( কাব্যশ্ৰী হাকৰিকা )


বিনিদ্ৰ নিশাৰ সাৰথি কৰি
আঙুলিৰ ফাঁকত কলমটো তুলি
নিজকে প্ৰশ্ন কৰো বাৰে বাৰে
কবি হোৱাৰ আশাবোৰ বাৰু
বুকুৰ মাজতে কেনেকৈ ধৰি ৰাখো ?

মনৰ মাজত দোলা দি থকা শব্দবোৰে
ঘনে ঘনে আহি লুকা-ভাকু খেলে
এইয়া শব্দৰেই অভিমান 
নে অনুভৱৰ কৃপনালী ?
নুবোজো একোকে

যদিহে হয় অভিমান
তাক মই গভীৰ সাধনাৰে কৰিম ম্লান
বিপৰীতে হয় যদি
কথিত ভাষাৰ  লিখিত ৰূপৰ হেমাহি…?
তথাপিও লিখিম মই
সন্মুখৰ হাজাৰ প্ৰত্যাহ্বানক নেওচি
বাস্তৱ কৰিম মোৰ স্বপ্ন
"এদিন মই কবি '"
মোৰ হাতৰ কলমেৰেই
মাটি আৰু মানুহৰ মনৰ কথা ';
মই এদিন কবি '
গ্ৰাম্য জীৱনৰ ডুখৰীয়া ছবিবোৰ 
ছন্দোবন্ধ কৰি
উকা কাগজত লিখি '
এদিম মই কবি '

কাব্যশ্ৰী হাকৰিকা
গোলাঘাট, ফৰকাটিং
ফোনঃ-৯১০১৬১২৭৭২

No comments:

Post a Comment