বেটুপাত

বেটুপাত

Monday, 14 January 2019

ভালপোৱাৰ কথাাৰে ( কৌশিক জ্যোতি বৰা )


তোমাৰ কবিতাতেই শেষ ' মোৰ কবিতা 
আমাৰ আধৰুৱা কবিতাবোৰেই 
এতিয়া মোৰ যাতনা
এই যাতনাৰ নামেই নেকি ভালপোৱা

শিলে কটা কথাবোৰত 
উফৰি অহা আশ্বাসৰ ফিৰিঙতিক 
দোকমোকালি বুলি ভুল কৰা ৰাতিবোৰ 
বেলি-কাতৰ নিষ্পাপ ৰাতিবোৰৰ নাামেই নেকি ভালপোৱা

পানীৰ দৰেই স্বচ্ছ অথচ 
গভীৰতাহীন গভীৰতাত ডুব গৈ 
বাট বিচাৰি বাট হেৰুওৱা
অসহায় শিশু এটাৰ দৰে হোৱা
অৱস্থাৰ নামেই নেকি ভালপোৱা !

ভালপোৱা পৃথিৱীৰ শ্ৰেষ্ঠতম প্ৰাৰ্থনা 
ভালপোৱা জোনে দিয়া 'দৰ ঠিকনা
ভুলবোৰ শুদ্ধকৈ চোৱাৰ সৰলতম প্ৰেৰণা

নে....!
ভালপোৱা এক আদৰ্শহীন ক্ষণিক উন্মাদনা ?
স্বাৰ্থোন্মত চলনাৰ চলমান উত্তেজনা ?
নে....!!
ভালপোৱা যৌবনৰ মাঁথো আৱেগিক ধেমালি !
বিশ্বাস আৰু প্ৰতাৰনাৰ ক্ষনিক মিতিৰালি ?

 আচলতে ভালপোৱা মানেনো কি ??

শেষ হোৱাৰ পিছতো শেষ নহয় যি 
পাহৰাৰ পিছতো থাকি যায় যি 
হেৰুওৱাৰ পিছতো প্ৰিয়জনলৈ থকা মৌন আকুতি 
তুমৰলি দাগ লৈও জী থাকে যি ৷৷


  কৌশিক জ্যোতি বৰা 
   93659-60585

1 comment:

  1. অনন্য সুন্দৰ কবিতা।

    ReplyDelete