বেটুপাত

বেটুপাত

Monday, 14 January 2019

চাইক' ( দীপজ্যোতি সিং )


অভিশপ্ত ডাইনীৰ সুকীয়া ঠিকনা 
আবেলিৰ বেলি গিলা পুখুৰী পাৰৰ বগৰী জোপা
সেই অঞ্চলত বহুদিন ধৰি নেৰা নেপেৰা বৰষুণ সৰিছে.....
দুৰ্গন্ধযুক্ত কেঁচা তেজৰ বৰষুণ  
কাষৰ মৰিশালিত বতাহৰ কেশত ভস্ম সনা 
অকাল্পনিক দৃশ্য  

বায়ুৰ তৰঙ্গত ভাঁহি আহিছে 
বিগবেং থিয়ৰি !
দূৰণিত শুনিছোঁ আজানৰ সুৰ..... 

শব্দশূণ্য পৰিৱেশ...... 
শ্মশানৰ ডাষ্টবিনৰ কাষত বহুদিনৰ পৰা পৰি থকা 
কুকুৰৰ মৰাশটোৰ দুর্গন্ধ চৌদিশে বিয়পি পৰিছে,
স্বামী আৰু পুত্ৰ যুদ্ধত শ্বহীদ হোৱাৰ পাছত
শ্মশানক বাসস্থান হিচাপে আদৰি লোৱা 
পাগলীজনী আজিও 
গাঁওবাসীৰ দৃষ্টিত ডাইনী হৈয়ে থাকিল





দীপজ্যোতি সিং
ঠিকনা : শিমলুগুৰি , শিৱসাগৰ 

No comments:

Post a Comment