বেটুপাত

বেটুপাত

Monday, 14 January 2019

বঙহৰদেউ ( ৰশ্মিৰীয়া গগৈ ডেকা )


বাটচৰা :

আগ চোতালত ওমলি আছিলো  
লাজবোৰ নজনাকৈয়ে
তুংখাংৰ শেতেলী একাষে থৈ
মাদুৰি পালেহি গোৱৰ কোঁৱৰ

তেওঁৰ ভোকৰ ভাত
মোৰ চেনেহৰ মাত

ৰজাদেউ মানিলোঁ
পঁইতাকে খুৱালোঁ
দুচকুৰ নিয়ৰবোৰ আইৰ আচলতে থৈ
মোক মই তেওঁতে সঁপিলো 

আগ চোতাল :

হৃদয়ৰ গোপনবোৰত 
অজান সুৰভি সানি 
এইয়া মোৰ সপোনৰ যাত্ৰা 

সেইদিনা দেখা সপোনটোৰ কথা
'মনে বাৰু কাৰোবাক !
বঙহৰদেউ মোৰ স্বৰ্গদেউ সজা !
নালাগে থাকক,
পুৱতি নিশাৰ সপোন 
এনেও অভজা 

আন্ধাৰ কাৰেং :

কুঁৱলীৰ বাটটোৰেই তুমি যোৱাগৈ
লাই, লেচাই মোৰ কলিজাৰ দুফাল
লুকুৱাই থোৱাগৈ 

সৰীসৃপ হৈ বগাই কোটকোৰা ডালত
কলিজাত এশ আঁঠ মাটি চাকি জ্বলাও
চোৰাতে সাৱটা এটা বেলিৰ পিঠিত
উতলা বৰষুণে বুকু জ্বলায়...

মোৰ তেজত কাঁইট ফুলাই
চাউদাঙে জেৰেঙাত ৰাতি বিহু পাতি 
ভাগৰ জুৰায়
' মই লুকাওঁ মই ' পলাওঁ
মৈদামৰ ককাদেউতাই আহি মোক
কাণে কাণে কিবা কয়

চাকিবোৰ নুমাবৰ '
পোন্ধৰ বসন্তৰ পালিতা ফুল 
আজি লেৰেলি

স্পন্দনত তোমাৰ অনুভৱ লৈ
আন্ধাৰৰ চাকনৈয়াত লীন গৈ মই
মৰীচিকা বিচাৰো জীৱন জীয়াৰ

নজ্বলাবা তুমি অশ্ৰুৰ শলিতা
গাবা মাথোঁ জয়াৰ মালিতা 


 ৰশ্মিৰীয়া গগৈ ডেকা
 কাৰ্বি আংলং,ডিফু

No comments:

Post a Comment