বেটুপাত

বেটুপাত

Monday, 14 January 2019

প্রিয় ( অনিল গগৈ )


এদিন মইও কাৰোবাৰ প্রিয় আছিলোঁ,
মোৰ প্রিয় নিয়ৰৰ দৰেই
উদং ফাগুনটো বসন্তৰ প্রিয় ৰং সানিছিলোঁ, প্ৰতিপুৱা !

এতিয়া কিয় জানো নিসংগতাবোৰ প্রিয় হৈ পৰিল ??

হয়, এদিন মইও কাৰোবাৰ প্রিয় আছিলোঁ
এতিয়া অভিশপ্ত আন্ধাৰবোৰে মোক বেৰাই বেৰাই সোধে ?
''তোৰ জোনাক '?"

আৰু মই কওঁ
"সৌ কলীয়া মেঘৰ মাতাল বৰণৰ ঠিক সিপাৰে মোৰ মৰম ।।"

 অনিল গগৈ
 শিৱসাগৰ

No comments:

Post a Comment