বেটুপাত

বেটুপাত

Monday, 14 January 2019

মাঘ বন্ধা পথাৰত মাঘী ভোগালী ( নিৰু দত্ত )


আই-বাইয়ে কাঁচি সামৰিলে
বিৰিয়াও উঠিল ধোঁৱা-চাঙত 
হাঁহে কোমোৰাই -খোৱা
নদী পাৰত বনভোজ খোৱা
এইবোৰে আমুৱালে,
ডেকা-চাঙত আলচিলে
কি কৰা যায় এতিয়া
মাঘ যে মতা মাহ
নৰাচিগা বিহুলৈও আছে এমাহ

মন কৰিলেই চন
হাউচ মাৰি ওলাল ডেকাৰ জাক
চেনেহীৰ বুকুৰ ৰিহা যেন লাংঠাজান,
দুকাষে দুপাৰী সোণালী ধাননি পথাৰ
নগাপাহাৰত সূৰুজ সাৰ পালে
জিলিকে জিয়াঁপাখি কুঁৱলী চাদৰ,
বছৰৰ লখিমী চোতাল পালেগৈ
' নিয়ৰ নিয়াৰি নৰাৰ সাগৰ
তাতে পাতিম আকৌ
মাঘী ভোগালী 
সেয়ে মাঘ-বন্ধা পথাৰ

ৰিং এটাই সোঁৱৰাই যায়
দিকচৌ বাটলৈ উলিয়াই দিয়া
সোণপাহী জানমণি তৰুলতাক 
উলাহতে নাচি-বাগি তেজউ বেলি সমনীয়াৰে কৰা তনা ধেমালি 
পেহী-খুৰীৰ দোকানত কিনা-বেচা
খৰিকাত দিয়া, চুঙাত পোৰা 
লোকেল মূৰ্গী, গৰালৰ গাহৰি 
লগত ঘৰুৱা সাজ-পানী....

পুৰণি দিন সৰিল কেতিয়াবাই 
নাই ঢেঁকী নাই আহৰি
পালে কিনিব ভোগালী বেহানি
লোকৰ পিঠাৰে বিহু পাতি
ৰাখিব নিজৰ মান 
মানুহৰ আজি উঠিছে উজান

নামত সৰুপথাৰ ধনশিৰি দেওপানীয়ে
ঢালি দিয়ে পলসুৱা প্ৰাণ
ভঁৰাল ভৰি বছৰৰ ধান
শাকে-মাহে উভৈনদী নাই আকাল

হিলদল ভাঙি আহিছে সবাই
মনৰ আনন্দ ' ভগাই
ঐতিহ্য পৰম্পৰা অটুট ৰাখি
পাতিছে মিলন মেলা
মাঘ যে ভোগালী 
সাঁকো হৈ সবাকে ৰাখিব জোৰায়


নিৰু দত্ত

No comments:

Post a Comment