বেটুপাত

বেটুপাত

Monday, 14 January 2019

সৰাপাটৰ বৰষুণ ( সৌৰভ অনুৰণ )


(ধাৰাবাহিক উপন্যাস)

সৰাপাটৰ বৰষুণ
°°°°°°°°°°°°°°°°
()
দুদিন মানৰ পৰা মই শয়নে সপোনে খাওঁতে বহোতে তাই দিয়া ফটোখনকে দেখিবলৈ লৈছো দিনটোত কিমানবাৰ  দুই ইঞ্চি বহল, আঢ়ৈ ইঞ্চি দীঘল চেমচাং মেট্ৰ মবাইলৰ স্ক্ৰীনখনত তাই ৰৈ থাকে হিচাপ নোহোৱা হৈছে মন 'লেই খুলি চাওঁ হিয়াৰ ভঁৰালৰ পৰা উলিয়াই আকৌ সজতেন ভৰাই থওঁ দুৱাৰ -খিৰিকি আলফুলে লগাই চিনাকি হোৱা দিনাৰ পৰাই এতিয়া নিতৌ আমাৰ কথা 'বলৈ ধৰিছে ফটোখন দিয়া দিনাৰ পৰা তাইৰ প্ৰতি বিশ্বাস বাঢ়িছে আজিকালি কিছুমান ভাললগা অনুভৱত দেহ মন আন্দোলিত হৈ পৰে মাজে মাজে তাইৰ কথা মনলৈ আহে আৰু কব নোৱাৰাকৈ মুখত হাঁহি বিৰিঙি উঠে  
      বন্ধুত্বৰ সম্পৰ্ক ক্ৰমান্বয়ে আজিকালি গভীৰ হৈ আহিবলৈ ধৰিছে  
: কাইলৈ মোৰ নেট পেক শেষ
তাই 'লে
কাইলৈ পৰা যে তাইৰ লগত যোগাযোগ নাথাকিব আওপকীয়াকৈ তাই কথাটো মোক বুজাই দিলে মনটো সেমেকি আহিল

: আকৌ কেতিয়া নেট পেক ভৰাবা ?

: এতিয়া নভৰাওঁ নেট পেক থাকিলে একদম পঢ়া নহয় দুদিনৰ পাছত পৰীক্ষাও আছে

তাইৰ নম্বৰটো উপযাচি খুজি মেছেজ লিখিবলৈও মনত সাহস গোটাবলৈ পৰা নাই তাই কেনেবাকৈ নিদিওঁ বুলি 'লে মই কম লাজ পাম নে মনে মনে ভাবিলো  
কিন্তু তাই নিজে 'লে -

:যদি বেয়া নোপোৱা তোমাৰ নম্বৰটো দিবা

()

 ইণ্টাৰনেটৰ অৱদান ফেচবুকত কথা পাতিয়ে কাৰোবাক বুজি পোৱাটো সহজ নহয় তথাপি তাইক প্ৰথম দিনাৰে ভাল লাগিবলৈ লৈছে তাই নিশ্চয় কথাটো গম পায় নহলেনো অচিনাকি 'ৰা এটাক তাই নিজৰ নম্বৰটো দিয়ে নে

:গুড মৰ্ণিং
এইবাৰ মবাইলৰ ইনবক্সত মেছেজ আহিল  
ৰিপ্লাই মেছেজ এটা কৰিলো
ফেচবুকৰ জাভা এপটোৰ ভিতৰৰ বান্ধৱী আজি ইনবক্সত খুলা খুলিকৈ মোৰ লগত কথা পাতিছে

: মই তাইৰ প্ৰেমত পৰিছো নেকি
বন্ধু জ্যোতিৰ একেটাই প্ৰশ্ন প্ৰয়োজনতকৈ বেছি উৎসাহ তাৰ
: ধেৎ 
ধমক এটা দি তাৰ মুখ খন বন্ধ কৰিলো

প্ৰতিদিনে মোৰ মহান বন্ধু সকলে জ্যোৎস্নাক লগ কৰিবলৈ উপদেশ আগবঢ়াই  অতি সোনকালে তাইক এবাৰ ওচৰৰ পৰা লগ পাবলৈ মইও বিচাৰো   তাই আজিকালি মোক তাহাতৰ ঘৰলৈও আমন্ত্ৰণ কৰে মইহে কিবা লাজ লাজ ভাবত নতুন নতুন বাহানাবোৰ তাইক দি আহিছো

: বিহু খাবলৈ আহিবা
ভোগালী বিহুৰ দুদিন আগত তাইৰ মেছেজটো মোৰ মবাইলত জিলিকি উঠিল

: মই গৈ বিহুটো খাই দিলে তোমালোকলৈ কি থাকিব ?
ধেমালী কৰাৰ মানসেৰে মেছেজটো লিখিলো

:ঠিক আছে, বিহুত আহিবা
এইবাৰ ব্যাকৰণ ঠিক কৰি তাই সংযম

:অচিনাকি 'ৰা এজন গৈ ওলালে মাৰাই বাঢ়নি মাৰি লৈ নেখেদিব নে ?

:ইসস কিয় খেদিব মই কম নহয় লগৰ বুলি আহিবই লাগিব তুমি

এদিন যাম এদিন যাম বুলি মনত ভাবোতেই এইবাৰো বিহু পাৰ হৈ ', তথাপি লাজ নেওচি তাইৰ ঘৰৰ পদূলিত ভৰি দিবলৈ সাহস নহ' এফালে এবাৰ তাইক ওচৰৰ পৰা দেখা পোৱাৰ দূৰ্বাৰ হেঁপাহ আনফালে মোৰ এই আপদীয়া লাজ

জোৎস্নাক লগ পাব পৰাকৈ আকৌ এটা সুৱৰ্ণ সুযোগ বাৰুকৈয়ে ভগৱানে মোক দিলে

(আগলৈ…)

- সৌৰভ অনুৰণ

No comments:

Post a Comment