বেটুপাত

বেটুপাত

Monday, 14 January 2019

নষ্টালজিক কৃষ্ণচূড়া ( মাধূৰ্য্য প্ৰতিম )


তুমি কৃষ্ণচূড়া হৈ নুফলিবা ৰাতি
কলিজাত সানি ৰং কৃষ্ণচূড়াৰ
কৃষ্ণচূড়াৰ ৰঙেৰে
জীপাল সেই নিশাবোৰ...
দুৰু দুৰুকৈ হৃদয় কঁপোতে 
ঐনিতম হৈ বাজিছিল
সুৰ দুখন হিয়াৰ
তুমি আৰু মই 
আমি হোৱাৰ দিনা
ৰঙতে হালিব কৃষ্ণচূড়া-ৰাধাচূড়া
মোৰ দুহাত সাৱটি
সেইদিনা গুজি দিবা 
এমুঠি আলফুলীয়া কৃষ্ণচূড়া

মাধূৰ্য্য প্ৰতিম
গোলাঘাট

No comments:

Post a Comment