একমাত্ৰ পুতেকৰ বিয়া, ঘৰত বৃদ্ধা মাকজনীৰ উচাহৰ যেন অন্ত নাই । পুৱাই কামলৈ বুলি ওলাই যোৱা পুতেকৰ অনুপস্থিতিত মাকজনীৰ যেন গোটেই দিনটোৰ শূণ্যতা বিৰাজিত কৰি তোলে । গতিকে এতিয়াৰ পৰা অন্তত বৃদ্ধা মাকজনীৰ দিনটোৰ শূণ্যতা খিনি ন-বোৱাৰীৰ উপস্থিতিত পূৰ্ণ হ'ব । ঘৰখনৰ সম্বল এটা হ'ব । ইমানদিনৰ আশা এটি পূৰণ হ'ব । জাক-জমকেৰে বিয়াখন হৈ গ'ল ।
ন-বোৱাৰী আহি ঘৰ সোমালে । কিন্ত বিয়াৰ তিনিদিনৰ পাছতেই বোৱাৰীয়েকৰ কেটেৰা মাতষাৰেই বৃদ্ধা মাকজনীৰ আশাবোৰ যেন নিমিষতে শেষ কৰি পেলালে ।
সুকন্যা হাজৰিকা
গোলাঘাট, বোকাখাত
No comments:
Post a Comment