: তুমি ইমান ধুনীয়া....
: ইচ....
: তোমাৰ ৰূপত সৌ ফুলবোৰৰ সৌন্দৰ্যও ম্লান হৈ পৰে.....
: ইমান মিচা কথা কয়...
: মিচা কথা কোৱা নাই দেই,সুধি চোৱা ৷
--- নিজৰ বুকুত টুকুৰিয়াই বনমালীয়ে কৈ উঠিল পত্নী ভাৰ্গৱীক ৷ ভাৰ্গৱীয়ে বনমালীৰ বুকুত কানপাতি শুনিবলৈ চেষ্টা কৰিলে ৷
: কিবা শুনিছা ?
: ওহো, একো শুনা নাই ৷
: দুচকু মুদি অনুভৱ কৰা মোৰ কলিজাৰ মাজত তোমালৈ বুলি সাঁচি ৰখা এসাগৰ ভালপোৱা ৷
লাজত ৰঙা পৰি ভাৰ্গৱী তাৰ বুকুৰ মাজৰ পৰা দৌৰি ওলাই গল ৷ ফুলনিৰ ওচৰত থকা ৰচি ডালৰ ওচৰলৈ ৷ তাতে বাল্টি এটাত থকা তিতা কাপোৰবোৰ এটা এটাকৈ মেলি দিলে ভাৰ্গৱীয়ে ৷ গা ধুই অহা ভাৰ্গৱী পাচফালৰ পৰা অতীৱ সুন্দৰী হৈ ধৰা দিলে তাৰ সন্মুখত ৷ তিতা চুলিখিনি শুকাবলৈ গামোচা এখনেৰে মেৰিয়াই বান্ধি লোৱা সোলোক ধোলোক খোপাটোলৈ কিবা এটা মৰম লাগি গ’ল তাৰ ৷ কাপোৰকেইটা মেলি দি ভাৰ্গৱী পুনৰ তাৰফালে আগুৱাই আহিল ৷ তাৰ সন্মুখত ৰৈ তাৰ চকুলৈ চালে তাই ৷
: মোলৈ ইমানকৈ কি চাই আছে ?
: তোমাকে চাই আছো আকৌ ৷
: বুজিছো, মোকনো কি চাই আছে ?
: তোমাৰ সুলকি পৰো পৰো হৈ থকা খোপাটো ৷
: ইচ, খোপাটোহে চকুত পৰিল হবলা ৷
: ও, বৰ মৰম লাগিল তালৈ ৷
বনমালীৰ কথাত ভাৰ্গৱীয়ে খিলখিলাই হাঁহিলে ৷ এসোপামান মনি মুকুতা যেন সিচঁৰিত হৈ পৰিল তাৰ সন্মুখত ৷ সি আলফুলে সাৱতি ল’লে তাইক ৷
তাইৰ দুচকুত দুচকু ৰাখি সি কৈ উঠিল----
তোমাৰ দুচকুৰ সিটোপাৰে থকা নীলাত
মোৰ ভালপোৱাৰ ঠিকনা,
তোমাৰ ওঁঠৰ গোলাপকোমল সৌন্দৰ্যত
মোৰ স্পৰ্শ উদ্বাউল ওঁঠৰ বেনামী স্পৃহা,
তগবগায়,,,, জিলমিলায়.....
সপোনে আটি আটি বান্ধে তোমাৰ তিতা চুলিৰ অৰণ্যত মোৰ মৰমব্যাকুল প্রাণৰ ব্যক্তহীন ভাললগাৰ গভীৰতা......
তুমি আৰু মই....মই আৰু তুমি.....
দুয়ো দুয়োটে মগন--
যেন ডুব যাব আমাৰ প্রাণ সুগভীৰ সেউজীয়াৰ মাজত....(কবি-- বিনীতা ৰায়)
ভাৰ্গৱীক তাৰ দুবাহুৰ মাজত জোৰেৰে সাৱতি ধৰিলে সি ৷ তাৰ তৃষ্ণাৰ্ত ওঠ দুটা ভাৰ্গৱীৰ ওঠযোৰৰ ফালে চপাই নিলে সি ৷
চে...ৰে....প...
থাং..থান...থানাং...নাং
বিকট শব্দটোত খকমকাই সাৰ পাই বিচনাৰ পৰা উঠি বহি পৰিল বনমালি ৷ বাস্তৱলৈ ঘূৰি আহি সি ৷ ঘৈনীয়েক নিজৰাই সি শুই থকা অৱস্থাত পানী ঢালি ষ্টিলৰ পানীৰ মগটো পকা মজিয়াত পেলাই দিয়াত ডাঙৰকৈ হোৱা শব্দত সি সাৰ পাই গ’ল ৷ সপোন হলেও ইমান সুন্দৰ মুহুৰ্ততো নষ্ট কৰি দিয়াত ঘৈনিয়েকৰ ওপৰত বৰ খং উঠিল ৷ অস অস, অন্তত: চুমাটো খাই সাৰ পোৱা হ’লে ৷ তাৰ গৰম হৈ থকা গাটো পানী মগে ঠাণ্ডা কৰি পেলালে ৷ সপোনত বা আজি কোন ভাৰ্গৱী আহিছিল ৷ সপোনত দেখা সুন্দৰীজনীলৈ সি মনত পেলাবলৈ যত্ন কৰিলে ৷
: ইমান দেৰিলৈকে শুই থকা এইবোৰ কি মানুহৰ লগত সংসাৰ কৰিলো ঐ, হায় হায় ৷ এনেহেন কপাল ঔ মোৰ ৷ মই চুব নোৱাৰা মানুহজনীয়ে কি কৰিম ৷ গোহালিৰ গৰু গোহালিতে আছে,লৰা-ছোৱালী দুটাই ভোকতে কলমলাই ফুৰিছে, পথাৰলৈ যোৱা কাম কৰা মানুহ দুটা গৃহস্থ নোহোৱাকৈ পথাৰলৈ গল ৷ ইফালে গৃহস্থই বিচনাত পৰি লৈ কিবা বোলেনে এবাৰ সেউজীয়া, এবাৰ বোলে ভাৰ্গৱী বুলি সপোন দেখি আছে ৷ ক’ৰ তিৰোতা হতৰ চকমকনি সপোনতে ডুব গৈ আছে ঔ....মোৰনো এনে কপালনে ঔ....ইফালে মই চুব নোৱাৰা হৈ চটফটাই মৰিছো....ইমানবোৰ কাম পৰি আছে....ঘৰটো গোহালি হোৱাদি হল...কোনো চিন্তা নাই ভাৱনা নাই....এতিয়া সাতটা বাজি গল.....এতিয়াও টোপনিত তিৰোতা দেখি চিঞৰিবলৈ বয়স আছেই...মোৰনো কি কপাল ঔ....
: ধেই এইজনী,এনেকৈ ছাগলীয়েও নেবেবায়....গোৰ মাৰি দিম মুখতে কিবা খং উঠিব ৷
--- বনমালীয়ে খঙতে গৰ্জি উঠিল ৷
: কিয় গোৰ মাৰিব...কিয় গোৰ মাৰিব...সচাঁ কথা কলে গা পুৰি যায়...সপোনত লোকৰ তিৰোতা দেখি ভোৰভোৰাই থাকে....মই মৰি গলোনেকি....দুটা ল'ৰা-ছোৱালীৰ মাক হলো কাৰণে মোৰ গাটো পুৰণি হল....একো বিচাৰি নোপোৱা হল....ইমান খালী হৈ গল....কোনোবা দিনা হৃদয়ৰপৰা মৰম কৰি পাইছে....নিজকে সন্তষ্ট কৰাৰ বাহিৰে কেতিয়াবা মোৰ হৃদয়ৰ মূল্য দি পাইছে....
নিজৰাই উচুপি উঠিল ৷ বনমালীয়ে বিচনাৰ পৰা উঠি দৰ্জাখনতে এক গোৰ মাৰি দিলে ৷ আধা মেল খাই থকা দৰ্জাখন ডাঙৰ শব্দ কৰি খোল খাই সিফালৰ বেৰত খুন্দা খাই পুনৰ আধা মেল খাই আগৰ অৱস্থালৈ ঘূৰি আহিল ৷ দৰ্জাৰ ওচৰৰ পৰা ৰঙা চকুৰে নিজৰাৰ ফালে চাই খৰ খোজেৰে কোঠাৰ পৰা ওলাই গল বনমালী ৷
বনমালীয়ে নিজৰাক বিয়া কৰোৱা আঠ বছৰ হল ৷ বিয়াৰ পাচৰ বছৰতেই নিজৰাই ছোৱালী এজনীৰ জন্ম দিলে ৷ তাৰ চাৰে চাৰিবছৰৰ পাচত ল'ৰাটোৰ জন্ম হল ৷ আজিকালি নিজৰাৰ ওচৰত থাকিবলৈ তাৰ মন নোযোৱা হল ৷ বয়স ত্রিশ হওতেই মানুহজনী দেহটো পঞ্চাশ বছৰীয়া বুঢ়ী হোৱাদি হল ৷ বাইশ বছৰ বয়সতে নিজৰাক বিয়া কৰাইছিল সি ৷ তাৰ বয়স চাব্বিশ আছিল তেতিয়া ৷ এতিয়া চৌত্রিশ বছৰ বয়সতো সি চাব্বিশ বছৰীয়াৰ নিচিনা হৈ থকাৰ বিপৰীতে ত্রিশ হওতেই নিজৰা বুঢ়ী হোৱাদি হল ৷ প্রকৃততে নিজৰাক কামেই বুঢ়ী কৰিলে ৷ নিজৰাই বহি, শুই সময় পাৰ নকৰে ৷ প্রয়োজনাধিক শাৰিৰীক পৰিশ্ৰমে নিজৰালৈ বাৰ্ধক্য কঢ়িয়াই আনিলে ৷
নিজৰাই নিজৰ দেহটোলৈ চালে ৷ যৌৱনবোৰ উৱঁলি গৈছে ৷ বেৰত ওলোমাই ৰখা মৃত শাহুৱেকৰ ফটোখনত থকা ফুলৰ মালাডালৰ ফুলবোৰৰ দৰে লাগিল নিজকে ৷ মৰহি যোৱা ফুল ৷
কিন্তু কিয় ? ত্রিশ বছৰ বয়সতে তাই কিয় মৰহি যাব ? তাইনো কি খাবলৈ নোপোৱাকৈ আছে ? সকলো বস্তু দেখুন উভৈনদী ! অভাৱেই নাই একোৰে ৷ তেন্তে ? নাই,তাই দেহটোৰ যত্ন লব আজিৰ পৰা ৷ ল'ৰা-ছোৱালীহাল, গৰু'ছাগলীবোৰ বা অনান্য বস্তুবোৰ যেনেকৈ তাই যত্ন লয়, তাই নিজৰ দেহটোৰো যত্ন লব ৷ তাই দেখিবলৈও যে বেয়া নহয় বনমালীক তাই বুজাই দিব ৷
কিন্তু তাই পাৰিব জানো নিজকে ধুনীয়া কৰি ৰাখিব ? তাইৰ দেহটো কেৱল অযত্ন পালিতৰ বাবেই জানো এনে হল ? কেৱল সেইটোৱেই অন্যতম কাৰণ নহয় ৷ আজি সাতবছৰে নিজৰ মানুহটোৰ পৰা পোৱা যৌন উৎপীড়নো অন্য এটা কাৰণ ৷ যৌন উত্তাপৰ বাহিৰে মানুহটোৰ মৰম-চেনেহ, আৱেগ-অনুভূতি, অভিমানৰ উত্তাপ তাই কাহানীও নাপালে ৷ তথাপি তাই প্রাণভৰি ভাল পায় নিজৰ মানুহটোক ৷ কৰবাৰপৰা ঘামি জামি ৰঙা-বগা মানুহটো ক'লা পৰি আহিলে তাইৰ বুকুখনে হমহমাই উঠে ৷
তিনিদিন ঘৰত নাচিল বনমালী ৷ পেহীয়েকৰ ঘৰলৈ গৈছিল ৷ তাইলৈ এটা ফোনো কৰা নাচিল ৷ তাই কৰিলেও ৰিচিভ নকৰিছিল ৷ তিনিদিনৰ মূৰত ৰাতি ডিঙিৰ গুৰিলৈকে মদ খাই আহি ঘৰ সোমাইছিলহি বনমালী ৷ ৰাতি ভাত নাখাই শুই গৈছিল সি ৷ ৰাতি ল'ৰা-ছোৱালীহাল বুকুৰ মাজতে লৈ টোপনি যাবলৈ যত্ন কৰি তাই মন কৰিছিল যে মানুহটোৰ টোপনি যোৱা নাই ৷
: ঐ নিজৰা,ইয়ালৈ আহ ৷
--- দোৰোল খোৱা জিভাৰে বনমালীয়ে চিঞৰী উঠিল ৷
: মোৰ গাটো ভাল নহয় ৷
--- তাই ক্ষীনকৈ কলে ৷
: ইয়ালৈ আহ বুলিছো ইয়ালৈ আহ ৷
---বনমালীয়ে গৰ্জি উঠিল ৷
: নোৱাৰো যাব ৷ গাটো জ্বৰ জ্বৰ লাগি আছে ৷ মূৰটো বিষাই আছে ৷
: চাল্লি, মই উঠি যাব লাগিবনেকি ?
--- বনমালী বিচনাত উঠি বহিল ৷ সাতবছৰীয়া ছোৱালী পাঁহিয়ে ভয়তে মাকক সাৱতি ধৰিলে ৷
: আজি নগলে নহয়নে ? ছোৱালীজনী শোৱাই নাই !
: উঠি আহ বুলি কৈছো উঠি আহ....
নিজৰা উঠি আহিল ৷ জোৰকৈ সাৱতি ধৰি থকা জীয়েকৰ হাত দুটা আতৰাই আহিবৰ সময়ত নিজৰাৰ বুকুৰপৰা এটা কান্দোন ওলাই আহিছিল ৷
: চাল্লি,ইমান কিয় মাতিব লাগে ঐ....
ঠাচ ঠাচকৈ দুটা চৰ দি বনমালীয়ে নিজৰাৰ দেহৰ ওপৰত বন্য আচৰণ কৰিছিল ৷
হয়,অধিকাৰ আছে ৷ কিন্তু অধিকাৰবোৰ ইমান নিষ্ঠুৰনে ? নিজৰাই পুনৰ উচুপি উঠিল ৷
******
সেই পুৱা সাত বজাতে ওলাই যোৱা বনমালী এঘাৰ বজালৈকে ঘৰলৈ নহা দেখি নিজৰাই চাটি-ফুটি কৰি উঠিল ৷ ইমান প্রখৰ ৰ’দত মানুহটো বাৰু ক'ত আছেগৈ ৷ ইপিনে নিজেই বনাই খাব লাগিব ৷
ৰ'দত পুৰি কলা পৰি বনমালী আহি ওলালহি ৷ পোচাক দেখিয়েই তাই গম পালে মানুহটো পথাৰলৈ গৈছিল বুলি ৷ হয়তো তাইৰ গালি খাই কাম কৰা মানুহবোৰৰ লগতে কামত ধৰিলেগৈ ৷ বনমালী আহি ফেনখন লগাই উদং গাৰে পকা মজিয়াতে শুই দিলে ৷ নিজৰাই আটাহ পাৰি উঠিল ৷
: পাহি অ, এইফালে বেগেতে আহ....বিচনীখন আনচোন....দেউতাৰক বিচি দিও....ইমান গৰমত কি দৰকাৰ বাৰু...আজি অফিচ নাই বুলিনো কিয় যাব লাগে পথাৰলৈ...কাম কৰা মানুহকেইটাক অলপ চোৱাচিতা কৰি গুচি আহিব লাগে ....মাজনী নেমু এটা চেপচোন...এই ফেনবোৰৰ একো কামেই নাই.....
পাহিয়ে দিয়া বিচনিখনেৰে নিজৰাই বিচিবলৈ লাগিল বনমালীক ৷ তাই বিচি থাকি মুখেৰে অনৰ্গল নিৰ্দেশ দি থাকিল পাহিক ৷
: নেমুৰ চৰ্বত এগিলাচ দেউতাৰক দি তই চাউল কেইটা ধুবি....আজি তই বনাবলৈ শিকিব লাগিব....দেউতাৰে নালাগে....ইমান গৰমত পুৰি ডেই আহিছে....তাৰপাচত চাহ একাপো কৰিবি, দেউতাৰে একো খোৱা নাই নহয়....তাৰপাচত.....
বনমালীয়ে নিজৰালৈ চালে আচৰিত হৈ ৷ তাই ইমান বিচি দিছে বিচনিৰে ৷ তাৰ গাটো শাত পৰি গৈছে ৷ তাৰ কাৰণে তাইৰ ইমান চিন্তানে ? কিমান ভাল পালে মানুহে এনেকৈ হাহাকাৰ কৰিব পাৰে ৷ সি অনুভৱ কৰিলে চুব নোৱাৰা হৈ থকা তাৰ মানুহজনীয়ে তাক লৈ চটফটাই থকা অৱস্থাতো ৷ চটফটাই থকা মানুহজনীলৈ তাৰ অদ্ভুত মৰম উপজিল ৷ সি দুচকু মুদি দিলে ৷
: দেতা দেতা, এয়া নেমু পানী খোৱা ৷
--- সি চকু মেলি দেখিল পাহিয়ে গিলাচ এটা আগবঢ়াই দিছে ৷ এইজনী ছোৱালীক মৰমেৰে এষাৰ মাত নিদিয়া তাৰ কেইবাদিনো হল ৷ সি উঠি বহিল আৰু গিলাচটো লৈ পাহিক সাৱতি ধৰিলে ৷
: মা অ...মোৰ গোসানীজনী ডাঙৰ হৈ গল ৷ দেতাকক চৰ্বত বনাই দিব পৰা হল ৷ তুমি কি খালা মা ?
নিজৰাৰ মুখখন উজ্জ্বল হৈ উঠিল ৷
: মই আৰু ভাইটিয়ে পানী আৰু বিস্কুট খালো ৷
--- পাহিয়ে কৈ উঠিল ৷
: অসঃ মই ভাত বনাও ৰবা, চবেই খাম ৷
--- বিতত হৈ উঠিল বনমালী ৷
: নালাগে দেতা, তুমি অলপ শুই লোৱা, মাই বিচি আছে নহয় ৷ আজি মই প্রথম চাহ বনাই তোমাক খুৱাম ৷
--- পাহি দৌৰি গ’ল পাকঘৰলৈ ৷ বনমালীয়ে চৰ্বত গিলাচ খাই পুনৰ শুই দিলে ৷ নিজৰাই বিচি থাকিল ৷
: দেতা, উঠা চাহ খোৱা ৷ চাহ কেনেকুৱা হ’ল মোক কবা ৷
--- একাপ চাহ আৰু প্লেটত কেইখনমান বিস্কুট আনি পাহিয়ে দেউতাকৰ ওচৰত থলে ৷ বনমালী পুনৰ উঠি বহিল ৷
: মোলৈহে বনালা ? তোমালোকে নোখোৱা ?
--- জীয়েকক চিঞৰি সুধিলে সি ৷
: আমিও খাম, তোমাক আগধৰি দি লৈছো ৷ মোৰ বেলেগ কাম আছে ৷ তুমি খাই লোৱা ৷
--- পাগঘৰৰ পৰা অভিজ্ঞ ৰান্ধনীয়ে কোৱাৰ দৰে পাহিয়ে কৈ উঠিল ৷
: ঐ নিজৰা, মাজনী তোৰ নিচিনায়ে হ’ল অ গোটেইজনী ৷
--- বনমালীয়ে ওচৰতে থকা নিজৰাক কলে ৷ নিজৰাৰ বুকুখন প্রশান্তিৰে ভৰি গল ৷
: অ ৰচোন, তই কি খালী ?
--- চাহ খাব খুজি ৰৈ দিলে বনমালীয়ে ৷
: একো খোৱা নাই ৷
: হা, কিয় ? ভোক লগা নাই তোৰ ? বাৰটা বাজিব এতিয়া ৷
: মই চুব নোৱাৰা মানুহজনীয়ে কৰ পৰা কি খাম ? কোনে দিব খাবলৈ.....
বনমালীয়ে এক দৃষ্টিৰে নিজৰালৈ চালে ৷ চাহকাপত বিস্কুট এটা তিয়াই সি নিজৰাৰ মুখৰ ওচৰলৈ নি কলে --
: হো, খা বিস্কুট....
চকু ফাটি পানী ওলাই আহিল নিজৰাৰ ৷ বহুত আনন্দ লাগিলেও দেখুন কিয় জানো চকুপানীবোৰ ওলায় ৷
: আপুনি খাওকচোন, মই খাম বাৰু ৷
: হো অ এইজনী, ৰাতিপুৱাৰ পৰা একো খোৱা নাই দেখিছ, পেটৰ কেঁচু কুমতি মৰিল চাগৈ ৷ মুখ মেল ৷
: মোক নুচুব ৷
: ধেই এইজনী, হো খা ৷
--- নিজৰাই মুখ মেলি বিস্কুট খালে ৷ তাই অনুভৱ কৰিলে বহুত দিনৰ মূৰত যেন ভোক গুচাই তাই আহাৰ খাইছে ৷
No comments:
Post a Comment