বেটুপাত

বেটুপাত

Monday, 14 January 2019

অপেক্ষা আৰু কিছু আশা ( পংকু প্ৰিয়ম বাঢ়ৈ )


      অহাৰ বাটেৰে যাবগৈ এদিন আদৰি অনা সময়বোৰ অতীত হোৱা সময়বোৰত কেতিয়াও ঘূৰি চোৱা নহ ভুল কৰিলো সময়ৰ বোঁৱতি নদীত আকৌ এটি নতুন ঘাটে যাব জীৱন দিঙা এৰি অহা সময়বোৰত পোৱা সুখ-দুখৰ হিচাপ আজিও নকৰো, ব্যস্ত হৈ পৰিম মাথো আজি সন্ধ্যাৰ কানিমুনি আন্ধাৰ হোৱালৈ নতুনক আদৰাৰ প্ৰস্তুতিতকৈ আগ্ৰহ বেছি সুৰাৰ জুতি বলৈ এনেকৈ আহিব নতুন সময়, মাথো সলনি বেৰত আঁৰি থোৱা কেলেণ্ডাৰখন বন্ধুৰ পৰা বাৰ্তা আহিব আৰু শুভকামনাৰে সকলো ভৰি পৰিব সঁচাকৈয়ে আহে জানো পৰিকল্পনাহীন সময়ত সুখৰ বাৰ্তা ! সাধাৰণ এটি জীৱন মোৰ, বৰ বেছি পোৱাৰ হাবিয়াস নাই মাথো যুঁজি আছো সময়ৰে তে, সাধাৰণ ভাবে জীয়াই থাকিবলৈ এইবাৰ সলনি সময় ! নতুন পৰিকল্পনাৰে আগুৱাম দিনবোৰ আজি গতানুগতিক নহয় সন্ধ্যা পোহৰলৈ অপেক্ষা কৰিম, সুৰাৰ ৰাগিত মাতাল নহৈ এটি নতুন দিনক আদৰি আনিম প্ৰতিটো নতুন পুৱাই উপহাৰ দিব এটি সুখৰ হাঁহি বুকুৰ গোপন সপোনবোৰ বাস্তৱত সজাই আদৰি আনিম অপেক্ষা আৰু আশাৰে এটি নতুন দিনলৈ


পংকু প্ৰিয়ম বাঢ়ৈ

2 comments:

  1. Borhiya... Kintu Tumar kobita porhibole paam buli asha korilu..

    ReplyDelete
  2. Borhiya... Kintu Tumar kobita porhibole paam buli asha korilu..

    ReplyDelete