বেটুপাত

বেটুপাত

Monday, 14 January 2019

সপোন ( অনুভৱ প্ৰিয়ম মিৰি )


ৰঙা নীলা পখিলাৰ নিচিনা
এই মধুৰ সপোন
ধৰিব খোজোতে উৰি গুছি যায়
অসীমলৈ

উৰি গুছি যোৱা সপোনে
জীৱনক দি থৈ যায়
জটিল সমস্যা !

আজি জীৱনৰ আগত সপোন
আজি জীৱনৰ পাছত সমস্যা
তাৰ মাজত জীৱন

আজি সপোন আৰু সমস্যাৰ
চক্ৰবেহুত বন্দী জীৱন
এতিয়া চক্ৰবেহুৰ বাকৰিত
জীৱন সংগ্ৰাম
হয়তো আজি জীৱন হাৰি হাৰি জিকি যাব
হয়তো কালৈ জীৱন জিকি জিকি হাৰি যাব
কিন্তু সংগ্ৰামৰ তন্ময় ভাৱত
সুখ-দুখ, হাঁহি-কান্দোনবোৰ
আৱেগৰ ঢৌ তুলি থাকিব

অনুভৱ প্ৰিয়ম মিৰি
ঢকুৱাখনা
৯৩৬৫১০০০৭৫

No comments:

Post a Comment