বেটুপাত

বেটুপাত

Tuesday, 15 January 2019

সম্পাদকীয় : ভোগালীৰ স্বকীয়তা

              নমস্কাৰ । প্ৰথমে সকলোলৈকে ভোগৰ উৎসৱ  আদৰৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । এতিয়া সকলোফালে উৎসৱ মূখৰ পৰিৱেশ । যেনিয়ে চাওঁ তেনিয়ে ভোগৰ সামগ্ৰীৰে বজাৰ ভৰপূৰ । ৰাইজে দুদিন মানৰ আগতে পুৰণা বছৰৰ বিদায় আৰু নতুন বছৰক আদৰিবলৈ বুলি দবনি পিতি খাইছিলহে আকৌ এতিয়া আমাৰ ভোগালী আহি নঙলা মূখত । এতিয়া কথা হ'ল আমাৰ বাপতিসাহোন মাঘৰ বিহু মানে এয়াই নেকি যে আমি লাখ লাখ টকা চান্দা তুলি আনক দেখুৱাই বৃহৎ বৃহৎ ভেলাঘৰ সাজিছোঁ , বা কিছুমান বৈদ্যুতিক সংবাদ মাধ্যমে আয়োজন কৰা অনুষ্ঠানত এপাক নাচিবলৈ উত্ৰাৱল হৈ পৰিছোঁ , গাঁৱৰ আজলী খুড়ীদেউ , মাহীদেউহতঁক বাদ দি দূৰদৰ্শনৰ অনুষ্ঠানত এযোৰ নতুন মুগাৰ সাজ পিন্ধি বিভিন্ন জা-জলপান পিঠাৰ ব্যাখ্যা দিছোঁ । প্ৰতিযোগিতাৰ দৌৰত আমি কি হেৰুৱাইছো কি পাইছো আজি পৰ্যালোচনা কৰাৰ সময় আহি পৰিছে । আমাৰ উঠি অহা নৱ প্ৰজন্মক আমি ভোগালী বিহুৰ কি সংজ্ঞা দিব পাৰিছোঁ ? প্ৰকৃততে ভেলাঘৰ কি ?  ভেলাঘৰ হৈছে বাঁহ , কাঠ, নৰা, খেৰ আদিৰে প্ৰস্তুত কৰা এটি অস্থায়ী ঘৰ য'ত উৰুকাৰ ৰাতি সকলোৱে মিলি ভোজ ভাত খাই আৰু নানা হাঁহি তামাচাৰে ৰাতিটো উদযাপন কৰে । পিছদিনা দোকমোকালিতে অগ্নি দেৱতাক সেৱা জনাই মেজীৰ লগতে সেই ভেলাঘৰ জ্বলাই দিয়া হয় । অসমৰ বিভিন্ন কীৰ্তি চিহ্নৰ আৰ্হিত নিৰ্মাণ কৰা সেই লাখ লাখ টকা মূল্যৰ ভেলাঘৰবোৰ জ্বলাই দিয়াতো যুক্তি সংগত হ'ব পাৰে নে ? ভোগালীকে ৰঙালী কৰিবলৈ উঠি পৰি লগা সংবাদ মাধ্যম সমূহক আকোৱালি লোৱাটো কিমান যুক্তি সংগত ?
কিছুমান দুষ্ট চক্ৰই ব্যৱসায়ৰ বাবেই ভোগালী কেন্দ্ৰিক মেলা সমূহৰ সুযোগ লৈ বজাৰত মেলি দিছে সহজলভ্য সুৰাৰ বিপনী ।  উঠি অহা যুৱ-প্ৰজন্মক এনে অনুষ্ঠানে আকৰ্ষিত কৰিছে । ৰাইজ সজাগ হ'বৰ হ'ল । মদ বা সুৰা এক সামাজিক ব্যাধি । সুৰাৰ বিক্ৰীৰ হাৰ অসমত দিনক দিনে বাঢ়ি আহিছে ।
           হয় সংস্কৃতি বোঁৱতি নৈ, তথাপিও পানীৰ সোঁতত পৰি নিজৰ ৰাজহাড় পাহৰি যোৱাটো কোনোপধ্যে আদৰণীয় হব নোৱাৰে । ভোগালী বিহুৰ স্বকীয়তা আছে, আহক সেই স্বকীয়তা ধৰি ৰাখিবলৈ আজিৰে পৰা সংকল্পবদ্ধ হওঁ । শেষত আকৌ এবাৰ সুবাস আলোচনীৰ সমূহ পঢ়ুৱৈ তথা শুভকাংক্ষীক আমাৰ সম্পাদনা সমিতিৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

-সৌৰভ অনুৰণ

No comments:

Post a Comment