বেটুপাত

বেটুপাত

Monday, 14 January 2019

আইৰ সপোন ( লোহিত কুমাৰ দাস )


সোণালী সপোনবোৰে
আবিৰ ছটিয়াই
আইৰ কোমল হিয়াখনিত
প্ৰস্ফুটিত হয় নিতে
সপোন বৰ্ণালীৰ সাতো ৰং

মাজে-মাজে স্ফীত বুকুখনৰ মাজত সন্মোহিত
সন্তানৰ ৰামধেনুৰ ৰং

আইৰ হিয়াখনি 
সন্তানৰ সুখ-দুখৰ সমভাগী,
যেন সৰগৰ অমিয়াৰ খনি,
আশা নৈত উটি যায় নিতে
হেঁপাহৰ পানচৈ

সপোন দেখে আয়ে
সন্তানৰ জীৱনত
ফাগুনৰ পলাশ ফুলাৰ,
সপোন দেখে
সূৰুয উঠা দেশলৈ গৈ
লৈ আহক পোণাকনে
এসাগৰ পোহৰ সপোনৰ ঘৰলৈ

সহস্ৰ সূৰুযৰ ৰক্তিম আভাৰে
জীৱন ৰঞ্জিত কৰিব খোজা
আই মোৰ চিৰ চেনেহী,
বসুমতী স্বৰূপা
ধৈৰ্য্যশীলা আই ,
সীমাহীন সপোনে
ধ্ৰুৱ নক্ষত্ৰ হৈ জিলিকে
আইৰ কোমল হৃদয়ত

 লোহিত কুমাৰ দাস
 বকো, কামৰূপ

No comments:

Post a Comment