বেটুপাত

বেটুপাত

Monday, 14 January 2019

নৱবৰ্ষৰ প্ৰাকক্ষণত কিছু অনুভৱ.... ( বুলিমণি কলিতা )

      "অতীত যায় বাটেৰে তিয়াই দুবৰি
নতুন সিও আহে যে তাকেই গছকি "

      হয়, এয়া পুৰণিক বিদায় দি নতুনক আদৰি লোৱাৰ বতৰ সময়ৰ বোকোচাত উটি ভাঁহি আহি ২০১৮ বৰ্ষয়ো মেলানি মাগিলে আমাৰ পৰা দি ' সকলোকেই তিতা মিঠা অজস্ৰ স্মৃতি মনৰ এলবামত ঠাক ঠাককৈ সজাই গলো পুৰণি বছৰটোৰ হাজাৰটা অনুভৱ বেৰৰ পুৰণি কেলেণ্ডাৰ খন আঁতৰাই তাৰ ঠাইত লগালোঁ নতুন বছৰৰ নতুন কেলেণ্ডাৰ পুৰণি হৈ ' ২০১৮ বৰ্ষৰ ডায়েৰিখনো ' লিপিবদ্ধ হৈ ৰৈছিল অতীত হৈ যাব ধৰা বছৰটোৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপবোৰ মনে মনে সংগোপনে আমাৰ চকুৰ পলকতেই যেন পাৰ হৈ ' এটা বছৰ শীতৰ নিয়ৰসিক্ত সেমেকা দুবৰিত খোজ পেলাই আমাৰ মাজলৈ আহিল এটি নতুন বছৰ লগত লৈ কিছুমান নতুন আৱেগ আৰু নতুন অনুভূতি শীতৰ সেমেকা নিয়ৰৰ মাজেৰে লাস্যময়ী খোজেৰে এমুঠি হআশা, অনুভৱ তথা শান্তি-সম্প্ৰীতিৰ বীজ সিঁচি দিবলৈকেই যেন আহে নৱবৰ্ষ নৱবৰ্ষৰ আগমনে সকলোৰে দেহ মনত আনন্দৰ ফাকু ছটিয়াই দিয়ে আমাৰ প্ৰত্যেকৰে দৃষ্টি নিৱদ্ধ কৰে ভৱিষ্যতৰ ৰঙীন স্বপ্নবোৰত সকলোৱে নিজৰ নিজৰ ধৰণেৰে সজাই ' বিচাৰে নৱবৰ্ষৰ প্ৰতিটো ক্ষণ কোনোজন থমকি ৰয় হৈ যোৱা বছৰটোত হেৰাই যোৱাবোৰৰ ঠিকনা বিচাৰি এখন বিধ্বস্ত পৃথিৱীত, আৰু কোনোজনে হয়তো হেৰাই যোৱাবোৰক পাহৰি বিচৰাৰ চেষ্টা কৰে জীৱনৰ নতুন সংজ্ঞা সকলোৱেই হয়তো নৱবৰ্ষক আদৰিব নিজৰ ধৰণেৰে কোনোজনে যদি ৰঙা নীলা লাইটৰ পোহৰত বন্ধু বৰ্গৰ লগত কোনো বিলাসী ৰেষ্টুৰেণ্টত এটা মাতাল ৰাতিৰে নতুন বছৰক আদৰে আন কোনোৱে হয়তো নৱবৰ্ষৰ প্ৰথম দিনটোতেই হাহাকাৰ কৰিবলগা হয় অকণমান পোহৰৰ বাবে

       নতুন সময়ৰ হাতত ধৰি সকলো ক্ষেত্ৰতেই সলনি ' পৃথিৱীখন আধুনিকতাৰ উচ্চশিখৰত আৰু এঢাপ আগুৱাই গৈ বাট সলাব নতুন বছৰটিয়ে বহু আশা হেঁপাহেৰে নতুন বছৰটিক প্ৰত্যেকেই আদৰি নতুন বছৰৰ নতুন সময়বোৰ সকলোৰেই বাবে হওঁক যেন সুখৰ আৰম্ভণি পাৰ হৈ যোৱা বছৰটোৰ বেয়াবোৰ পাহৰি এয়া হওঁক এক নতুন আৰম্ভণি নতুন বছৰৰ প্ৰতিটো পল সুখ শান্তিৰে ভৰি পৰক পৃথিৱীৰ বুকুত শান্তি সম্প্ৰীতিৰ এনাজৰীডাল দৃঢ় হওঁক তাৰেই কামনা কৰিছো



বুলিমণি কলিতা
শিৱসাগৰ ছোৱালী মহাবিদ্যালয়
দূৰভাষা~৯৭০৬১০৮৫২৯

No comments:

Post a Comment