বেটুপাত

বেটুপাত

Monday, 14 January 2019

আশা ( শ্ৰী ৰাজীৱ বৰা )


মানৱতা তুমি জাগ্ৰত হোৱা
অহিংসাৰ বাণীৰে,
অন্যায় অত্যাচাৰ আৰু
মৃত্যুৰ বিভীষিকাৰে ভৰা;
কলুষিত সমাজৰ
স্বাৰ্থপৰ বিভিচ্যাৰীৰ সৈতে
ধুই নিয়া দুৰ্নীতিবোৰ --
সৃষ্টি কৰা এখন নতুন সমাজ;
মানুহৰ প্ৰাণে প্ৰাণে
বোঁৱাই সত্যৰ বাণী
হিংসাৰ অস্ত্ৰ পৰিহাৰ কৰি,
অহিংসাৰ পথলৈ
নতুন পৃথিৱী গঢ়িবলৈ
শান্তিৰ থাপনা পাতি;
সমৃদ্ধিৰ বন্তি জ্বলাই 
আগুৱাব মানৱ জাতি

 শ্ৰী ৰাজীৱ বৰা


No comments:

Post a Comment