বেটুপাত

বেটুপাত

Wednesday, 26 December 2018

আয়াম ( Dimension ) ( দীপজ্যোতি সিং )

আয়াম ( Dimension ) ------- ( )

              

    তেন্তে ° শৰ্মা মই মোৰ কৃত্তক ( Clone )টো সম্পূৰ্ণ সুস্থ অৱস্থাত পাবলৈ কিমান দিন অপেক্ষা কৰিব লাগিব ? .... চিন্তা নকৰিবা ৰবি তোমাৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা এই কোষবোৰ কলা কর্ষণৰ মাধ্যমেৰে বিভিন্ন পৰ্য্যায়লৈ লৈ যোৱা ', প্ৰায় এমাহৰ পিছত তুমি মোৰ লেবৰ পৰা এই ক্ল'নটো সংগ্ৰহ কৰিব পাৰিবা কিন্তু সাৱধান 'বা এই ক্ল'নটোৰ পোহপাল তুমি নিজ সন্তানৰ দৰেই কৰিব লাগিব, কোনোধৰণৰ মাৰপিট কৰিলে আইন মতে দণ্ডনীয় '  লগতে অতি বেঙুনীয়া (U.V)ৰশ্মিৰ পৰা অলপ দূৰতেই ৰাখিবা নহ'লে মিউটেণ্ট হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব আশা কৰো ৰবি তুমি কথাবোৰ ভাল দৰেই বুজি পাইছা, পিছে পৃথিৱীত এতিয়া পৰিৱেশ কেনে ? .... ভালেই ডঃ পিছে এইকেইদিন সময়মতে অক্সিজেন নোপোৱাৰ ফলত ব্লেকত অক্সিজেন ছিলিণ্ডাৰ কিনিব লগীয়া হোৱাত বৰ অসুবিধাত ভুগিছোঁ আশা কৰোঁ পৃথিৱীৰ চৰকাৰে ইয়াৰ প্ৰতি অতি সোনকালে ব্যৱস্থা ' .. বাৰু ডঃ মই এতিয়া যাওঁ পৃথিৱীৰ চতুৰ্থ ডায়মেনচনৰ পৰা কিছুমান এন্টি মেটাৰ সংগ্ৰহ কৰিব লগীয়া আছে, এমাহৰ পিছত আকৌ মঙ্গল গ্ৰহলৈ আহিম নিজৰ ক্ল'নটো সংগ্ৰহ কৰিবলৈ .............

     ডায়মেনচন 04 আৰ্থ, মেচিন এক্টিভেটেড .... মিঃ ৰবি আপুনি কোন ঠাইলৈ যাম বুলি ভাবিছে ? ছিৰি মোক অসম 04 মিছ পাহি বৰুৱাৰ ঠিকনালৈ লৈ 'লা আৰু মোক ইনভিজিবল পাউদাৰৰ প্ৰয়োজন ' তেন্তে অলপ ''নীয়তা দেখুৱাই সময় মতে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰিবা বুলি আশা ৰাখিলো, নিশ্চয় ছাৰ .. থেংক ইউ

        মেছিনৰ আৰম্ভণিৰ লগে লগে ৰবিৰ মন উভতি গৈছে অতীতৰ সেই দিনবোৰলৈ ' সি হেৰুৱাইছিল প্ৰেমৰ মৃত্যুঞ্জয়ী স্মৃতিবোৰ পাহি বৰুৱা, ঠিক ফুল এপাহৰ দৰে ৰবিয়ে যেন পখিলা হৈ চুমিচিল তাইৰ হৃদয়ক কিন্তু সেই প্ৰেম চিৰস্থায়ী নহয়, ৰবিয়ে সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰে যিদিনা তাৰ পত্নীক মৃত্যুদণ্ড দিয়া হৈছিল '' ভাঙি দিয়াৰ দোষত অৱশ্যে ৰবিয়ে এই কথাটোৰ কাৰণে নিজকে কাহানিও মাফ নকৰে কাৰণ '' টো তাৰ দ্বাৰাহে ভঙা হৈছিল কিন্তু পাহিয়ে তাৰ সকলো দোষ নিজেই গাত পাতি 'লে, ৰবিৰ প্ৰায়েই মনত পৰে যেতিয়া তাৰ ককাদেউতাই কৈছিল যে এসময়ত পৃথিৱীত '' নাছিল, পানী আৰু অক্সিজেন ফ্রীতে পোৱা গৈছিল, নাই ৰবিৰ কোনোদিনে বিশ্বাস নহয় সেয়া বাৰু কেনেকৈ সম্ভৱ ? আৰু বোলে গছ নামৰো প্ৰাণী এবিধ আছিল যিয়ে ফ্ৰীতে অক্সিজেন প্ৰ'ডিওছ কৰিছিল, অৱশ্যে ৰবিয়ে টাইম মেচিনত সেইবোৰ দৃশ্য দেখিছে কিন্তু তথাপিও তাৰ বিশ্বাস নহয়

       ৰবিৰ পত্নীৰ তৃতীয় ডায়মেনচনৰ পৰা মৃত্যু ঘটি এতিয়া চতুৰ্থ ডায়মেনচনৰ বাসিন্দা হৈ আছে সি জানে যে পাহিয়ে তাক কোনোদিনে চিনি নাপায় তথাপিও ৰবিয়ে পাহিৰ ব্যক্তিত্বক দেখিয়েই চকুলো টোকে .........

       অহ ! ৱেইট ছিৰি মই ফৰ্থ ডায়মেনচন নাযাওঁ মোক Earth 07 অলৈ লৈ 'লা, 'কে মিঃ ৰবি বৰুৱা আপুনি কোন ঠাইলৈ যাম বুলি ভাবিছে  ? .... স্বৰ্গৰ আদালতলৈ যাম কিমান সময় লাগিব ? ..10 মাইক্ৰ চেকেণ্ড মিঃ ৰবি.. ; অহ ' 7.06 মাইক্ৰ চেকেণ্ডত যাব পাৰিম নে ? ..নিশ্চয় পাৰিম ছাৰ কিন্ত মেচিন ডেমেজ  হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব ; .. একো নাই দিয়া স্পীড বঢ়াই দিয়া প্ৰাণ হেৰুৱালে ভালেই '  Earth 03 পৰা Earth 04 বাসিন্দা হৈ পৰিম ...... মেচিন এক্টিভেটেড ......

       হে ' আপোনাক শেষবাৰলৈ ৰিকুৱেষ্ট কৰিছো মোৰ পত্নী পাহি বৰুৱা যি এতিয়া Earth 04 আছে তেখেতক  আকৌ Earth 03লৈ ঘূৰাই দিবনে ? মনুষ্যৰ 35 বছৰৰ জীৱনকালত মোক মোৰ পত্নীৰ সৈতে মাত্ৰ 1বছৰৰ জীৱন লাগে বাকী জীৱনকাল আপুনি মোৰ পৰা কাঢ়ি ' পাৰে
     
        ৰবি বৰুৱা তোমাক আগতেও কোৱা হৈছে এই মহাশূন্যৰ সকলো বস্তু এক নিৰ্দিষ্ট পৰ্যায়ত গৈ আছে ধণাত্মক ঋণাত্মক সকলো ঠিক গ্ৰাফৰ দৰে.. যদিহে  ঈশ্বৰে এনে ধৰণৰ পদক্ষেপ লয় তেন্তে টাইম লাইনৰ পৰা আৰম্ভ কৰি ডায়মেনচনৰ সকলো পৰ্যায়  খেলিমেলি হৈ যাব তোমাক এইবাৰ ৱাৰ্নিং দিয়া হৈছে দ্বিতীয়বাৰ ঈশ্বৰৰ আদালতত আহি এনেদৰে সময় নষ্ট  কৰিলে বিহিত ব্যৱস্থা লোৱা ', এতিয়া তুমি যাব পাৰা,..... থেংক ইউ মাই লৰ্ড

      ছিৰি মোক পুনৰ Earth 04 অলৈ লৈ 'লা .... মিঃ ৰবি এলাৰ্ম এটা আছে ডঃ শৰ্মাক দিয়া ক্ল'নৰ অৰ্ডাৰটোৰ আজি এমাহ সম্পূৰ্ণ হৈছে তেন্তে আপুনি মঙ্গল গ্ৰহলৈ যাবলৈ পছন্দ কৰিবনে ? .....
অহ ! মই পাহৰিয়েই গৈছিলোঁ .. ক্ল'নটোও বহুত জৰুৰী , ঠিক আছে ছিৰি তেন্তে মোক ডঃ শৰ্মাৰ লেবলৈ লৈ 'লা .. 'কে মিঃ ৰবি ......... স্পেচ  ', মেচিন এক্টিভেটেড ..
(আগলৈ)
                 

দীপজ্যোতি সিং
 ঠিকনা : শিমলুগুৰি ( শিৱসাগৰ )
 ফোন নং : ৭০০২৩৯২৫৯৪

No comments:

Post a Comment