বেটুপাত

বেটুপাত

Wednesday, 26 December 2018

সাম্প্রতিক অপ্রিয় বাস্তব ( দিব্যজ্যোতি চৌধুৰী )

     হোটেল "সোৱাদ" সন্মুখত এখন ধুনীয়া কাৰ ৰলহি | ড্রাইভিং চিটৰ পৰা এজন সুদৰ্শন যুৱক নামি আহিল | যুৱকে হোটেলৰ কাউন্টাৰৰ ফালে খোজ ললে |
: গৰম চিঙৰা হবনেকি ?--- যুৱকে কাউন্টাৰত বহি থকা মানুহজনক সুধিলে | কাউন্টাৰত বহি থকা মানুহজন অলপ যেন আচৰিত হল | হয়তো তেওঁ দামী মিঠাইৰ কথা সুধিব বুলি ভাবিছিল |
: হব,বহক |--- কাউন্টাৰৰ মানুহজনে কলে |
: নাই নবহো | আপুনি দহটা গৰম চিঙৰা বনাই থওক | মই এক ঘন্টাৰ পিচত আহি আছো | কিমান হব দহটা চিঙৰাত ?--- যুৱকে সুধিলে |
: এশ টকা | --- কাউন্টাৰৰ মানুহজনে কোৱাৰ লগে লগে যুৱকে পকেটৰ পৰা মানিবেগটো উলিয়াই এশ টকা আগবঢ়াই দিলে |
: হব,আপুনি এঘন্টাৰ পিচত আহিলে পাই যাব | মই পেকিং কৰাই থম | ---কাউন্টাৰৰ মানুহজনে হাঁহি কলে |
    যুৱক গাড়ীলৈ উভতি গল আৰু গাড়ী ষ্টাৰ্ট দিলে | গাড়ী আগবাঢ়িল | ব্যস্ত চহৰখনৰ মাজেৰে অলপ দূৰ গাড়ী চলাই যুৱকে এঠাইত গাড়ী ৰাখি গাড়ীৰ পৰা নামি গল |
   "মিনাক্ষী" জুয়েলাৰ্ছ | চহৰখনৰ এখন অন্যতম অলংকাৰৰ দোকান | যুৱক সোমাই আহিল মিনাক্ষী জুৱেলাৰ্ছলৈ |
: বহক,কিবা প্রয়োজন...
 জুৱেলাৰ্ছৰ মালিক প্রনৱ পোদ্দাৰে প্রশ্নবোধক দৃষ্টিৰে যুৱকলৈ চালে |
: হয় | 20 জানুৱাৰীত মোৰ বিয়া | মই চেন্নাইত থাকো | পাপাই বিয়া ঠিকেই কৰি পেলালে | এতিয়া গহনা বনাই থাকিবলৈ সময় নাই | গতিকে ৰেডিমেড গহনাকে দিম বুলি ভাবিছো | আপোনাৰ তাত ৰেডিমেড গহনাতো পোৱা যায় ? --- যুৱকে প্রশ্ন কৰিলে পোদ্দাৰক |
: পাব পাব | আইটেম বহুত আছে | সকলোবোৰেই 'লমাৰ্কৰ | প্রথমে কেটলেগ চাই লওক |--- পোদ্দাৰে দুখন কেটলেগ যুৱকলৈ আগবঢ়াই দিলে | যুৱকে কেটলেগত চকু ফুৰালে |
: মই অলপ অৰ্নামেন্টচ লগত আনিছোৱে | কিন্তু সেয়াই কমিব | ষ্টেটাছ বোলা বস্তু এটা আছেতো |--- যুৱকে হাঁহি হাঁহি কলে |
: ৰাইট |--- পোদ্দাৰে হাঁহিলে |
    যুৱকে কেটলেগৰ পৰা চাই চাই অলংকাৰ চিলেক্ট কৰিলে | যুৱকে বাচনি কৰি দিয়া মতেই পোদ্দাৰে অলংকাৰবোৰ উলিয়াই আনিলে |
: কিমান টকা হব হিচাপ কৰকচোন সোনকালে | সময় বৰ কম মোৰ | বহু মানুহক নিমন্ত্রণ দিবলৈ আছে |--- যুৱকে কৈ উঠিল | পোদ্দাৰে কেলকুলেটৰ উলিয়াই সৰ্বমুঠ দাম উলিওৱাত ব্যস্ত হল |
: তিনি লাখ আশী হাজাৰ হল আপোনাৰ |--- কেলকুলেটৰৰ পৰা মূৰ তুলি পোদ্দাৰে কৈ উঠিল | যুৱকে পোদ্দাৰে দিয়া হিচাপটো পুনৰ নিজে কৰিবলৈ আৰম্ভ কৰিলে |
: হিচাপ ঠিকে আছে | কিন্তু বৰ্তমান মোৰ হাতত আঢ়ৈলাখ মানহে আহিল | চেহ | মোৰ আৰু এইবোৰ কিনি থাকিবলৈ সময় নাই | এইবোৰ চব মা-পাপাৰ কাৰণে হৈছে | ইমান কম সময় হাতত লৈ বিয়া ঠিক কৰেনে বাৰু ! বিয়া নাপাতো বুলি আছিলো ভালেই আছিল বুজিছে | মা-পাপাই যি হুলস্থুল লগালে আৰু |
: সেইটোনো কি কথা | উপযুক্ত বয়সত মানুহে বিয়া কৰাব লাগে | আপোনাৰ মা-পাপাই ঠিক চিন্তাই কৰিছে |--- পোদ্দাৰে কলে |
: সেয়ে ময়ো মত দিলো | কিন্তু হাতত সময় অলপ লৈ বিয়াখন পাতিব লাগে | মাত্র দুসপ্তাহ হাতত লৈ বিয়া  পাতিবলৈ ওলাইছে পাপাই | ইপিনে পাপা বৰ্তমান আছেগৈ নাৰ্চিংহোমত |
: কিয় ....
: চুগাৰ,প্রেছাৰ চব বাঢ়ি গল | পটেছিয়াম কমি আছে | ইফালে হাৰ্টত প্রেছমেকাৰ....কি যে কৰো নহয়....
    যুৱকে নিজৰেই চুলি আজুৰিলে |
: ইচ,আপোনাৰ বৰ বিপদ হল দেই | বিয়াখন এতিয়া....
: নাই,বিয়া হবই | কালিলৈ পাপাক ৰিলিজ দিয়াই লৈ আহিম | কিন্তু পাপাক একো কৰিবলৈ নিদিওঁ | চব ময়েই কৰিম | সেয়ে সময় কম মোৰ | যাওঁ,কথা পাতি নাথাকো | আপুনি মোৰ লগত দুজন মানুহ দিবনেকি ? মই ঘৰৰ পৰাই বাকী টকাটো পঠাই দিম | আৰু একলাখ বিশ দিব লাগিব |
: তেনেকৈতো অসুবিধা হব....
: ঘৰ বেছি দূৰত নহয় মোৰ...
: আপোনাৰ ঘৰ 'তনো ?
: ওচৰতে,বকুলপুৰত মোৰ ঘৰ...
: বকুলপুৰৰ কোনখিনিত ঘৰ আপোনাৰ ?
: বকুলপুৰৰ দুইনং বাইলেনৰ ওচৰতে থকা শিৱমন্দিৰটো দেখিছে ?
: হয়,দেখিছো |
: মন্দিৰৰ কাষেৰে যোৱা গলিটোৰ সোঁফালে থকা দুমহলীয়া ঘৰটোৱেই মোৰ ঘৰ |
: প্রথমটোতো এক্স এম এল বিপুল বৰুৱাৰ ঘৰ....
: হয়,বিপুল বৰুৱাৰ ভতিজা হওঁ মই | মোৰ খুড়া হয় বিপুল বৰুৱা |
: তুমি তেতিয়াহলে এডভোকেট অৰিন্দম বৰুৱাৰ 'ৰা ?--- পোদ্দাৰে হাঁহি পেলালে |
: হয় |--- যুৱকে মূৰ দুপিয়ালে |
: তোমাৰ পাপাক চিনি পাওঁ নহয় | তুমিয়ে চেন্নাইত থকা 'ৰাজন ! তোমাৰ কথা পাপাই কয় নহয় মোৰ আগত | তুমি যে চেন্নাইত ইঞ্জিনীয়াৰ চাকৰি কৰা মই গম পাওঁ | বিপুল বৰুৱাৰ ঘৰলৈ মই প্রায়ে যাওঁ | তাতো তোমাৰ কথা ওলাই কেতিয়াবা | চেহ,তোমাৰ পাপাৰ খবৰ এটা লব লাগিব | তুমি যাওঁতে তোমাৰ পাপাৰ ফোনৰ নম্বৰটো দি যাবাচোন |
: ফোনত নাপাব পাপাক | ডাক্টৰে ফোনত কথা পাতিবলৈ দিয়া নাই | আপুনি আমাৰ ঘৰলৈকে আহিব |
: নিশ্চয় নিশ্চয়,ঘৰলৈকে যাম দিয়া | তুমি এটা কাম কৰা-অলংকাৰ বাকী নিদিওঁ বাৰু,তুমি দোকানৰ 'ৰা দুটা লৈ যোৱা | টকাটো দি 'ৰা দুটা টেম্পু এখনতে পঠাই দিবা |
: হব আংকোল...
: তোমাৰ নামটোৱেই সোধা হোৱা নাই...
: ৰক্তিম বৰুৱা |--- যুৱকে কৈ উঠিল |
: মনত পৰিছে পৰিছে | তোমাৰ কথা ৰক্তিম ৰক্তিম বুলি পাতি থকা শুনিয়ে থাকো | ৰাজা আৰু নাৰায়ণ,এইফালে আহ | --- পোদ্দাৰে 'ৰা দুটাক মাতিলে | 'ৰা দুটা চাপি আহিল |
: তহঁত দুটা এওঁৰ লগত যা | এক লাখ ত্রিশ হাজাৰ টকা দিব লৈ আহিবি | বুজিছনে ?
: ঠিক আছে |---ৰাজাই কলে |
: ৰক্তিম,আঢ়ৈ লাখ দিয়া |---পোদ্দাৰৰ কথাত ৰক্তিমে আঢ়ৈলাখ টকা দি দিলে | পোদ্দাৰে টকা গণি লৈ অলংকাৰখিনি ভালদৰে পেকিং কৰি ৰক্তিমৰ হাতত দিলে |
: যাওঁ আকোংল | মোৰ বিয়ালৈ নিমন্ত্রণ দিমহি | যাব লাগিব কিন্তু |--- ৰক্তিমে কলে |
: নিশ্চয় যাম | ---পোদ্দাৰে হাঁহিলে |
: তহঁত দুটা যা | তোমাৰ গাড়ী সৌখন নহয় জানো ?---পোদ্দাৰে ৰক্তিমৰ গাড়ীখনলৈ আঙুলিয়ালে |
: হয়,হেৰা তোমালোক বহাগৈ যোৱা | মই লক খুলি দিছো | --- ৰক্তিমে সেই ঠাইৰ পৰাই চাবি টোৱাই গাড়ীৰ লক খুলি দিলে |
: আংকোল আহিছো ....
: শুনাচোন,টকা ৰাজাৰ হাতত দিবা | ৰাজা মোৰেই 'ৰা | --- পোদ্দাৰে সৰুকৈ কলে |
: হয়নেকি ? হব আংকোল,আহিছো |
: যোৱা |
    ৰক্তিম ওলাই গৈ গাড়ীত বহিল | ৰাজা আৰু নাৰায়ণ ইতিমধ্যে পিচৰ চিটত বহিয়েই আছিল | ৰক্তিমে গাড়ী ষ্টাৰ্ট দিলে |
     ৰক্তিমৰ গাড়ী গৈ হোটেল সোৱাদৰ সন্মুখত ৰল |
: মোৰ বস্তুটো 'লনে ?--- ৰক্তিমে গাড়ীৰ ভিতৰৰ পৰাই কাউন্টাৰত থকা মানুহজনক সুধিলে |
: হল হল,মই পেকিং কৰি থৈছো |---কাউন্টাৰৰ মানুহজনে কলে |
: ,এওঁলোকক দি দিয়ক | হেৰা ৰাজা আৰু নাৰায়ণ,এই মানুহজনে দিব যোৱা |---ৰক্তিমে ৰাজা আৰু নাৰায়ণক কলে | ৰাজা আৰু নাৰায়ণ নামি গল | ৰক্তিমে গাড়ী চলাই গুচি গল |
   ৰাজা আৰু নাৰায়ণ হোটেলৰ কাউন্টাৰৰ ফালে আগবাঢ়ি গল | কাউন্টাৰৰ মানুহজনে চিঙৰাৰ পেকেটটো ৰাজালৈ আগবঢ়াই দিলে | একলাখ ত্রিশ হাজাৰ টকাৰ পেকেটটো ইমান ডাঙৰনে ? তাকো তেলৰ নিচিনা লাগি আছে পেকেটটোত | ৰাজাই ভাবিলে | ৰাজাই পেকেটটো ললে |
: গৰম দেখোন | ---ৰাজাই কলে |
: ,গৰম গৰম লাগে বুলি কৈছে তেখেতে | --- কাউন্টাৰৰ মানুহজনে কলে |
: এইবোৰ দেখোন চিঙৰা | --- পেকেট খুলি চিঙৰাবোৰ দেখি ৰাজাই চিঞৰি উঠিল |
: চিঙৰা ! তাতে কি হল ? চিঙৰা দেখি মানুহে এনেকৈ চিঞৰেনে ? --- কাউন্টাৰৰ মানুহজনে আচৰিত হৈ কলে |
: মই কিবা চিঙৰা বিচাৰি আহিছোনেকি ? এক লাখ ত্রিশ হাজাৰ টকা দিয়ক | --- ৰাজাই খঙেৰে কলে |
: এক লাখ ত্রিশ হাজাৰ টকা ? --- মানুহটো যেন আকাশৰ পৰাহে পৰিল |
: ,মোৰ টকাটো দিয়ক
...
: মাঠা গৰম হৈছেনেকি আপোনাৰ ? কিয় মই একলাখ ত্রিশ হাজাৰ টকা দিব লাগে ? সেই গাড়ী লৈ অহা 'ৰাটোৱে এশ টকা দি দহটা চিঙৰাৰ অৰ্ডাৰ দি গৈছে আৰু এতিয়া আহি আপোনাৰ আগতে আপোনাক দিবলৈ কৈছে মই দিছো | আকৌ আপুনি কি আজে-বাজে বকি আছে | --- মানুহজনে খঙেৰে কলে |
: কি ?--- ৰাজাৰ মূৰটো ঘূৰাই গল |
: ,মই কিবা মিছা কৈছো যদি মাতি আনক তেখেতক | --- মানুহজনে কোৱাৰ লগে লগে ৰাজাই বাহিৰলৈ দৌৰ দিলে | ৰক্তিমৰ গাড়ীখন তেতিয়া তাত নাছিল |
     হোটেলৰ ভিতৰত হুলস্থুলৰ সৃষ্টি হল | নাৰায়ণৰ পৰা কাউন্টাৰৰ মানুহজনে সকলো শুনাৰ পাচত চিঞৰি উঠিল....
" চাল্লা দহটা চিঙৰা এশ টকাত কিনি এক লাখ ত্রিশ হাজাৰ টকাত বেছি দিলে | কেনেকুৱা বেপাৰী .....
*        *         *          *
      ৰক্তিমৰ গাড়ীখন চহৰ পাৰ হৈ এটা গাঁৱলীয়া ৰাস্তাৰে সোমাই গল | তাৰ অপাৰেশ্বনটো চাকচেছ হোৱাত মনটো ভালো লাগি আছে | তাৰ প্রকৃত নাম জাহিৰ আলি | বাংলাদেশৰ পৰা অহা তাৰ ডেৰ বছৰমান হৈছে | সি সম্পূৰ্ণকৈ প্রশিক্ষণ লৈয়েই আহিছে | অসমীয়া ভাষাও সি অলপ-চলপ তাতেই শিকা | আজি ডেৰ বছৰত তাৰ অসমীয়া ভাষা সলসলীয়া হল | মানুহক ঠগাৰ বহু কায়দা তাৰ হাতত মজুত আছে | তাৰ মিশ্ব্যনবোৰৰ সফলতাৰ আঁৰত তাৰ সুন্দৰ চেহেৰাৰো অৱদান আছে | আজি ডেৰ বছৰে সি বহু টকা ঘটিছে | তাৰ এইটো অপাৰেশ্ব্যনত সি ডেৰমাহ সময় লৈছে | বিপুল বৰুৱা,অৰিন্দম বৰুৱাৰ পৰিয়ালক সি বহুত অধ্যয়ন কৰিব লগা হৈছে | এই দুটা পৰিয়ালৰ সমস্ত বায়ডাটা দহহাজাৰ টকাত পৰেশ নামৰ এটা অসমীয়া 'ৰাই তাক গোটাই দিছে | ৰক্তিম বৰুৱাৰ অভিনয় কৰিবলৈ সি বহুত কষ্ট কৰিবলগীয়া হৈছে | ৰক্তিম বৰুৱা যে চেন্নাইত থাকে,সোনকালে বিয়া পাতিব,দেউতাক অৰিন্দম বৰুৱাৰ বেমাৰ,এই সকলোবোৰ খবৰ পৰেশেই তাক যোগাৰ কৰি দিছে |এতিয়া তাৰ পৰৱৰ্তী মিশ্ব্যন হব দহজনী অসমীয়া ছোৱালী | তাৰবাবে সি প্লেন বনাব লাগিব | পৰেশেই তাক সহায় কৰিব | বহু ছোৱালীৰ লগত তাৰ যোগাযোগ আছে | সকলো ছোৱালীকে নোৱাৰি যদিও বহু বুৰ্বক অসমীয়া ছোৱালী আছে যিয়ে গাড়ী আৰু টকা দেখিলেই দৌৰে | তাৰ টাৰ্গেট হব তেনে ছোৱালীবোৰ | বাহিৰত অসমীয়া ছোৱালীৰ চাহিদা বহুত বেছি | সি থকা ঘৰটোলৈ লাহে লাহে গাড়ী চলাই নিলে |

  
দিব্যজ্যোতি চৌধুৰী

No comments:

Post a Comment