বেটুপাত

বেটুপাত

Wednesday, 26 December 2018

চাবি দিয়া পুতলা ( প্ৰাঞ্জলপ্ৰতীম দাস )


এবছৰ নহওঁতেই পাখি আৰু প্ৰিয়ানুজৰ সম্পৰ্কটোৱে ভালপোৱাৰ ৰূপ লৈছিল ! দ্বিতীয়বাৰৰ বাবে প্ৰিয়ানুজৰ প্ৰেমত পৰিছিল তাই ; সময়বোৰ গৈ থাকিল এদিন হঠাৎ পাখিৰ দেউতাকৰ হাৰ্ট এটেক হৈ জি.এন.আৰ.চি হস্পিতালত ভৰ্তি ' ! প্ৰিয়ানুজ আৰু পাখি তেতিয়া ভাল বন্ধু আছিল সেয়ে সি খবৰ কৰিবলৈ গৈ গম পালে যে বিনয় বৰুৱা আৰু নাই ; সি পাখিক ফোনত কথাষাৰ কৈ থাকোঁতে তাইৰ মাক প্ৰিয়ানুজৰ পিছফালে থিয় দি আছিল ; মাকে ওপৰৰ ফালে চাই ইচ্ছামতে হাঁহি হাঁহি ক্ৰমে মাটিত ঢলি পৰিছিল !!
     দেউতাক ঢুকোৱাৰ প্ৰায় পাঁচ মাহমান পিছত সিহঁতৰ সম্পৰ্কটোৱে বেলেগ ৰূপ ' ধৰিলে ! পাখিক চাবলৈ 'ৰা আহিল,প্ৰিয়ানুজে সকলো কথা গম পাই আছিল পাখিৰ মুখৰ পৰা,তথাপিও সি নিৰৱ হৈ ৰৈছিল ! দুয়োজনে সম্পৰ্কটো বচাই ৰাখিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল ! অনিচ্ছা স্বত্তেও প্ৰিয়ানুজৰ জীৱনৰ পৰা তাইযে যাবই লাগিব যিহেতু মাকজনী বেমাৰী লগতে পিতৃহাৰা তাই (পিতৃহাৰা ছোৱালীবোৰ খুব ইনোচেন্ট হয় কিজানি ) ! প্ৰিয়ানুজে পঢ়া সামৰি গুৱাহাটীতে কাম এটা কৰি আছিল বাবেই হয়তো তাইৰ কথাবোৰ সহজভাৱে লৈছিল আৰু বিয়াত মত দিছিল কেৱল মাকৰ সুখৰ বাবে ! তাইৰ সুখৰ বাবে সি তাইৰ জীৱনত কাঁইট হৈ থিয় নিদিওঁ বুলি প্ৰতিশ্ৰুতিৱদ্ধ ' ! দুয়োৰে মাজত খুব বেছি ওঠৰ দিন কথা বতৰা হোৱা নাছিল ; এদিন পাখিয়ে তাৰ ষ্টেটাছৰ ৰিপ্লাইত কৈছিল "মোৰ অবিহনেও যে তুমি সুখী বুজিব পাৰিছোঁ" ; সি ম্লান হাঁহি এটা মাৰি কৈ উঠিল "থেংক গড্ বুজি যে পালা;খবৰ যে লৈছা; ধন্যবাদ মিছ্ শইকীয়ানী "চাবি দিয়া পুতলা মই; বাধ্য হৈ পৰিছিলোঁ সেই সময়ত ; মোৰ বিবেক হেৰাই গৈছিল ; এতিয়াহে ভাবিছোঁ তুমি নহ'লে দেখোন চাৰিওফালে শূন্য আৰু অন্ধকাৰ" -অত্যন্ত দুখ মনেৰে 'বলৈ ধৰিলে পাখিয়ে !! প্ৰথমৰ পৰাই তাই খুব অমায়িক প্ৰিয়ানুজৰ বাবে ; হয়তো তাই উপলব্ধি কৰিব নোৱাৰে যে তাই অবিহনে ক্ৰমাৎ সকলোবোৰ হেৰাই যাব ধৰিছে তাৰ জীৱনৰ পৰা !!


প্ৰাঞ্জলপ্ৰতীম দাস
ছয়গাঁও;কামৰূপ (গ্ৰাম্য)

No comments:

Post a Comment