বেটুপাত

বেটুপাত

Saturday, 22 December 2018

স্বৰ্গতোক্তি ( বিজুলী শৰ্মা)

 স্বৰ্গতোক্তি

স্মৃতিৰ সৰাপাতেৰে ভৰিল চোতাল, 
আকাশৰ বুকু জুৰাই লঠঙা ডাল,
এয়াই নেকি দুখৰ ঋতুৰ আগমন,
হেঁপাহৰ মাতষাৰিৰ বৰ আকাল, বৰ আকাল!!

সামৰি থ তোৰ আবেগৰ পানচৈ ।
যি বাটেৰে গলি 
ভাৱনা নদী  ঘাটলৈ,
সেই বাটেৰেই উভতি নাহনো  কেলৈ,
জাজৰি দলিয়াই থৈ?

বুলিলে বোলক তোক শিল।
উটিটো নাযাৱ 
ভটিয়নি সোঁতত ।
পাৰ হৈ যাওক দে 
তোকে গৰকি 
হৃদয়ৰ শত মিছিল !

দুৱাৰত শীতৰ  টোকৰ 
গোট মাৰিল যদি ভাৱনাৰ নৈ
জুহালখন সাজু কৰ,
উথলি উঠা আবেগৰ পাগেৰে 
বসন্তৰ সূৰুযলৈ 
এপিয়লা মদিৰাকে তৈয়াৰ কৰ,
শব্দৰ !

   বিজুলী শৰ্মা
   যোৰহাট
   8638891314

No comments:

Post a Comment