বেটুপাত

বেটুপাত

Saturday, 22 December 2018

মকৰাটোৰ অকাল মৃত্যু (ৰশ্মীৰিয়া গগৈ ডেকা)

মকৰাটোৰ অকাল মৃত্যু
_____________________

মোৰ বাটটোৰ এটি চুকতে তাৰ বাট

জ্যামিতিৰ সকলো নক্সা অঙ্কন কৰি

পানী-বেজিটোৱে ৰেচমী সূতাডাল সী সী

ঘূৰণীয়া কক্ষপথটোত  

হেঁপাহৰ ঘৰখন সাজিছিল সি....।

ছয় আউন্সৰ ৰেচমী সূতাৰে পৃথিৱীখন 
মেৰিয়াই মেৰিয়াই
মুকুতাবৃত পূৰণচিনীয়া শেতেলীখনত
প্ৰেয়সীক থওঁতেই সকলোতে আউল লাগিল।

বৰ্ণসঙ্কৰৰ প্ৰতিষেধক হেনো সি....
পত্নী-সন্তানৰ প্ৰাণৰক্ষাৰ শপত লৈ
আত্মঘাতী হৈ উত্তৰ-পুৰুষৰ আহাৰ হ'ল।

তাৰ আলসুৱা ঠেংকেইখন আৰু
শুকান জকাটো কক্ষচ্যুত হৈ বাগৰি পৰিল
মোৰ পদূলিত......

দুচকুত এধাৰি উত্তপ্ত জোৱাৰৰ পৰশ লৈ
অপলক নেত্ৰে তাৰ শুকান জকাটোলৈ
                                   চাই ৰ'লো মই......।।


ৰশ্মীৰিয়া গগৈ ডেকা(কাৰ্বি আংলং,ডিফু)

No comments:

Post a Comment