বেটুপাত

বেটুপাত

Saturday, 22 December 2018

বিজ্ঞাপন (সত্যজিত চাচনি )

বিজ্ঞাপন
--------------

 বিজ্ঞাপনবোৰে আমাক আকৰ্ষণ কৰে
যেতিয়া সেই বিজ্ঞাপনত বিচাৰি পাওঁ
 আমি বিচৰা ধৰণে সুখানুভূতি

 বিজ্ঞাপন বোৰ আমাৰ কাৰণে 
নে আমি বিজ্ঞাপনৰ বাবে

যেতিয়া নানা ৰঙীণ বিজ্ঞাপনবোৰে
 আমাৰ মনটোক কঢ়িয়াই লৈ যায়
 সপোনৰ মায়াবী দেশলৈ
 তাতেই বিচাৰি পাওঁ আমাৰ শেষ ইচ্ছা 

 ওখ চিমনীৰ পৰা নিৰ্গত কুণ্ডলীপকোৱা ধোঁৱাৰ দৰে
 আমিও অহৰহ ঘুৰি ফুৰিছোঁ ৰঙীণ বিজ্ঞাপনৰ পাছে পাছে
 কাৰণ বিজ্ঞাপন বোৰে আমাক খেদি ফুৰিছে
 আৰু আমিও দৌৰিছোঁ

 দিনে ৰাতিয়ে মূৰত খুন্দিয়াই থাকে বিজ্ঞাপনবোৰে
 আমিও ইন্টাৰনেটত চাৰ্চ কৰি বিচাৰি ফুৰোঁ
 কি নতুন বিজ্ঞাপন আহিছে...
 চিনেমা , চাকৰি ইত্যাদি 

এনেকৈয়ে আমি নিজকে ফাঁকি দি দি
 কেতিয়াবা নিজেই হৈ পৰিছোঁ
 একো একোটা বিজ্ঞাপন ।

সত্যজিত চাচনি ।
মো- ৭৩৯৯৬৬২৮৬৭

No comments:

Post a Comment