বেটুপাত

বেটুপাত

Wednesday, 26 December 2018

নেতা বনাম কৰ্মী , এটা জাতিৰ কিছু কথা ( আদিত্য গগৈ )


         অসমখন বিদেশীৰ ৰম্যভুমি আৰু বিদেশীবোৰ অসমৰ ৰাজনৈতীক যুঁজৰ বক্ষ্মাস্ত্ৰ এইখন অসমভুমিত ১৯৫১ চনৰে পৰা বিদেশীমখাক লৈ কিমানে ৰাজনীতি কৰিলে, কিমানে ৰাজনীতি কৰি আছে, কিমানে অনাগত দিনত ৰাজনীতি কৰিব তাৰ লেখ-জোখ দিবলৈ কঠিন এই মানুহমখাক লৈ ৰাজনীতি কৰিয়ে কিমানে গাদী দখল কৰি ৰজা তাৰো সঠিক হিচাপ নাই নিৰ্বাচনী প্ৰচাৰত প্ৰতিজন সম্ভাৱনাময় ৰজাই জনতাক দেখোৱাই দিয়া সেই আশাৰ দ্ৰাঘিমাৰেখাডাল টানি আনে বাংলাদেশী শিবিৰৰ পৰা
কোনোৱে দি বিতাৰণৰ কথা কয়, কোনোৱে স্থায়ী সমাধানৰ কথা প্ৰতিজন ৰাজনীতিকৰ নিৰ্বাচনী যুঁজত প্ৰথম আৰু ঘাই অস্ত্ৰ হয় আশা দি সাধাৰণ জনতাক মুৰ্খ সজোৱা আৰু ভাষণ শুনি শুনি আশাৰ পুলি এটাক জীপ দিয়াত আমাৰ ৰাইজো এতিয়া অভ্যস্ত ! একেদৰে যোৱাটো নিৰ্বাচনৰ ভাষণত বৰপীৰা পোৱা পৰিবৰ্তন শব্দটোৰ ভৰসাতেই এইবাৰ ৰাইজে দান কৰিলে তেওঁক কুমল চকী
            ৰাইজৰ আশীষ ধন্য দলটোৱে ৰাইজক মুৰ্খ সজাই হয়তো এইবাৰ গাদী দখল কৰাৰ স্বাৰ্থত এটা সাধাৰণ শব্দক অসাধাৰণ গুণাৱলীৰে শকত কৰি ঢাল কিম্বা অস্ত্ৰ হিচাপে প্ৰক্ষেপ কৰিলে গাদী দখল কৰিয়ে কথামতে পৰিবৰ্তন আনিবলৈ দেশ তল ওপৰ লগোৱা বন্দী, বৃহৎ নাগালিম তথা নাগা ফ্ৰেম ৱৰ্ক চুক্তি, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি উদ্ভাৱন কৰি ছুনামী সৃষ্টি কৰি আছে সমান্তৰাল ভাৱে একতাৰ দেশত সম্প্ৰীতিৰপৰিকাঠামু তচ-নচ কৰাৰ কু অভিসন্ধী ৰচনা কৰি আছে
          ৰাইজে নিৰ্বাচনী প্ৰচাৰত দেখা/শুনা কথাবোৰৰ সম্পূৰ্ণ পৃথক ছবি দেখি বৰ্তমান নায়কৰূপী মানুহজন সাধাৰণ মানুহবোৰৰ মনত পৰিবৰ্তন হৈ খলনায়ক হৈ পৰিল কোনোদিন দূৰ্নীতি আপোচ নকৰো কোৱা লোকজনৰ চকুৰ সমূখতে চোৰে আপোচ বিহীন ভাৱে সিন্ধি দিবলৈ ধৰিছে, জাতিটো প্ৰাণভৰি ভালপোৱা মানুজন বুলি ভাবি, জাতিৰ ভৱিষ্যত যি জনৰ হাতত সুৰক্ষিত বুলি ৰাইজ আস্বস্ত হৈছিল তেঁৱেই এতিয়া দিল্লীত আঁঠু লোৱা হৃদয়হীন ভকত    
                      ৰাজনৈতিক নেতা হিচাপে তেওঁ ১০০% সফল ছাত্ৰ ৰাজনীতিৰে এই পথাৰখনত নিজকে স্বচ্চ আৰু নিকা সাজেৰে জিলিকাই, IMDT আইনৰ দৰে জাতি ধ্বংসী আইন বাতিল কৰোৱাই মানুহৰ মনবোৰত খুপনি পোটা, জাতিৰ হৃদস্পন্দন মাজুলী উন্নয়নৰ ভাকুটি ভাষণেৰে অসমীয়াৰ আৱেগ চুৰ কৰি ৰজা হোৱালৈকে তেওঁৰ যি যাত্ৰা, ১০০% সফলতাৰ যাত্ৰা পিছে এতিয়া ছবিৰ ৰং সলনি হৈছে, হয়তো নিজৰ সোঁহাতখন এলাগী কৰি আনক সোঁহাত হিচাপে কামত লগাইছে, মগজুতো গাদী ৰক্ষাৰ স্বাৰ্থত দিল্লীৰ চৰণত হপি দিছে !
      ভবা হৈছিল, তেওঁৰ শাসন কালত জাতিটো সম্পূৰ্ণ সুৰক্ষিত থাকিব, খিলঞ্জীয়াৰ প্ৰভূত্ব প্ৰতিষ্ঠা , বাংলাদেশী বিতাৰণৰ কাৰনামা সফল সময়ে সকলো সলনি কৰি দিলে এতিয়া ভাৰতৰ সৰ্বত্ৰে হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ প্ৰতিযোগিতা চলিছে কোনোৱে হিন্দুত্বৰ দোহাই দি ঐতিহাসিক স্থানৰ নাম সলনি কৰিছে, কোনোৱে হিন্দু সংখ্যালঘু হোৱাৰ সম্ভাৱনা দেখোৱাই বহিঃৰাষ্ট্ৰৰ অমুচলমান নাগৰিকক নাগৰিকত্ব দান কৰি হিন্দুৰ সংখ্যা বৃদ্ধিৰ পোষকতা কৰিছে আচৰিত লাগে এইকাৰণেই যে এই সমগ্ৰ সমস্যাৰাজী একালত তেওঁৰ চকুত আছিল জাতীয় সমস্যা আজি পিচে তেওঁ নিবোকা ককাই মানুহৰ আশা বোৰক কবৰ দি তেওঁ কুমল গাদী ৰক্ষাত ব্ৰতী ছাত্ৰ ৰাজনীতিৰ বঠাপাত ধৰিথকা কালত যিবোৰ সমস্যা সমাধানৰ বাবে সঘনে ৰাজপথত চিঞঁৰিছিল, একেবোৰ সমস্যা তেওঁৰ শাসন কালত সমাধান হোৱাৰ পৰিবৰ্তে জাতিটোলৈ বৰবিষ সদৃশ হৈ পৰিছে, অৰ্থাৎ পূৰ্বৰ তুলনাত বেছি গম্ভীৰ হৈ দেখা দিছে
     তেতিয়াতে তেওঁ জাতি মাটিৰ স্বাৰ্থত কাম কৰা কৰ্মী আছিল এতিয়া নেতা ৰাইজে দেখিছিল যে কৰ্মী হিচাপে এওঁ ভাল কাম কৰিছে, গতিকে এওঁকে নেতা পাতি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰোঁহক ৰাইজে নিজৰ কথামতেই তাকে কৰিলে কিন্তু নেতা হোৱাৰ পাছতে তেওঁ উলোতাখৰ মাৰিলে বিপ্লৱী সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাই গীতত কোৱাৰ দৰে আমিও কৈছো "মোৰ আইৰ দুখনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লোৰ শিকলি লগালি কিয়" এক কথাত লৰা ৰজাৰ শাসন ...


আদিত্য গগৈ
নকছাৰিযোৰহাট
৯৯৫৭০৪৩৪০৫

No comments:

Post a Comment