বেটুপাত

বেটুপাত

Saturday, 22 December 2018

জাতিস্মৰ ( অনন্ত ৰাজখোৱা)

জাতিস্মৰ

অকলশৰীয়া পথাৰখনত 
এজোপাই মাথোন গছ!
বগলীৰ শুকুলা পাখিৰ দৰে পাত
আৰু ধেনুভিৰীয়া ডালেৰে
আকাশ চুব খোজা গছজোপাৰ
যাতনাৰ তলেৰেই এটা দীঘল বাট!

বাটতোৱেদি কোনো নাযায়
কোনো নাহে কাহানিও,
মাথো সদায় আবেলি
চৰাই এটি আহি
গছজোপাৰ ডালত পৰি ক্ষন্তেক জিৰাই,
ভাগৰৰ এবোজা দুখ
তাতে এৰি যায়গৈ হেঙুলীয়া খেদি!

গছজোপা আছিল প্ৰাচীন কাহিনী এটাৰ নায়ক
কাহিনীৰ গৰ্বিত ছাঁ আৰু অস্পষ্ট পোহৰেৰে
ভাৰাক্ৰান্ত তাৰ হৃদয়,
য'ত বাঁহীৰ সুৰ এটাই বাস কৰিছিল সংগোপনে।

এদিন ৰাতি,
আকাশত নাছিল জোন,
মই মোৰ স্বপ্নৰ বাটেদি বাট বুলিছিলো,
একেই পুৰণি ভংগীমাৰে, 
গছজোপাৰ বুকুৰ ইতিহাস বিদাৰি
এটা আওপুৰণি সাধু সংগ্ৰহৰ আপাহত-
বোকোচাত লৈ মোৰ চিৰাচৰিত বিষাদ!

বাটৰ দুয়োকাষে আছিল শতিকাই চুমি যোৱা
এডৰা উছন পৰা মাটি,
দিগন্তত সীমনা হেৰুৱা মাটিডৰাত 
হাঁড়েগজা শুকান ববচাৰ বকৰাণি!শতিকাপূৰ্বে এই মাটিতেই সমাধিস্থ হৈছিল
আজোককাৰ অন্তিম ডাল হাঁড়।
কালধুমুহাৰ উঁৱে কুটা
হাঁড় ডালৰ অৱশিষ্টত
সেই প্ৰাচীন গছজোপাৰ শিপাবোৰ আহি
কুঁচিমুচি বহিছিল-
সাৱটি দূৰ্নামি ঋতুৰ এটি তেজেধোৱা বেলি!

শতায়ু গৰকা মোৰ ভৰিৰ পতা
সিয়ো ক্ষত-বিক্ষত উৰঁহৰ তীব্ৰ দংশনত,
আন্ধাৰৰ মাজতে ছাঁ এটি হৈ আগবাঢ়িছিলো মই
ৰুক্ষ পথৰ কুঁহেলিকা ফালি!
শোকৰ নিশাৰ শেষ প্ৰহৰত 
মৃত বেলিটোৰ উদয় হোৱাৰ প্ৰাক-ক্ষণত
উপস্থিত হৈছিলো সেই স্বপ্নবৃক্ষৰ তলত!

স্থিত:প্ৰজ্ঞ এজন পৌৰাণিক পিতামহৰ দৰে 
ধ্যানমগ্ন হৈ,
শেষ ৰাতিৰ নিৰ্লিপ্ত আকাশত দুচকু থৈ 
তেজাল নক্ষত্ৰ এটাৰ লুপ্ত আদিবিন্দুৰ সন্ধানত 
ব্যস্ত আছিল গছজোপা!
যিটো আদিবিন্দুত লুকাই আছিল
সেই আওপুৰণি সাধুটোৰ গৌৰৱোজ্বল আৰম্ভণি!

ক্ৰমশ: 
গছজোপাৰ শিপাবোৰক মই শিপাব দিছিলো মোৰ শৰীৰৰ প্ৰতিটো কোষত!
আৰু মই পৰিৱৰ্তিত হৈছিলো
প্ৰাচীন সাধুটোৰ এটা নতুন অধ্যায়লৈ!

-অনন্ত ৰাজখোৱা।
 মাজুলী
৭০০৩০৯৭৩১৬

No comments:

Post a Comment