বেটুপাত

বেটুপাত

Wednesday, 26 December 2018

যুদ্ধৰ বিৰুদ্ধে প্ৰেমৰ বাবেই মোৰ জীয়া ফাঁকিটো ( ধীৰেন শইকীয়া )

দুহেজাৰ আঠ চনৰ ত্ৰিশ অক্টোবৰ উভতি নাহক কাৰো জীৱনলৈ ভাগ্য ভাল আছিল আমাৰ সেইদিনা। পুৱাৰে পৰা আছিল পত্নীৰ পেটৰ বিষ। চিকিৎসকে পত্নীৰ ডেলিভাৰীৰ টাইম সেইকেইদিনতে দিছিল আমি দুয়োজনেই নতুন। সেই সময়ৰ দুখ বেজাৰ অলপো নাজানো। গুৱাহাটী মহানগৰীত থাকো বাবে সুধিবলৈও কোনো আপোন মানুহ নাই ইয়াত। এটাই কথা জানিছিলো ধৈৰ্য ধৰিব লাগে নৱাগতৰ বাবে- সকলো ঈশ্বৰৰ হাতত।

ঘৰৰ পৰা সন্তান সম্ভৱা পত্নীক লৈ সেইদিনা সেই কালিকা লগা সময়খিনিত  গনেশগুৰিৰ  সেই বিশেষ উৰণীয়া সেঁতুখনেৰে পত্নী  আৰু মই দুয়োজন পৰম উৎকণ্ঠাৰে এজাইল
হাস্পতাললৈ গৈ আছিলো অটো এখনত। হঠাতে বিকট শব্দ কেইবাটাও শুনিছিলো। এসোপা ধোৱাই বেঢ়ি ধৰিছিল ঠাইখন।চৌদিশে মানুহৰ কান্দোন শুনিছিলো গনেশগুৰিৰ  উৰণীয়া সেঁতুৰ তলত। নিমিষতে 'লা ধোঁৱাই আৱৰি ধৰিছিল আকাশ বতাহ। চেপা উত্তেজনা বিয়পি পৰিছিল।  কিবা হৈছে নেকি? কি হৈছে তাত? ভয়তে পত্নীয়ে মোক কৈছিল : বেগাই যাবলৈ কওক। বিষ বাঢ়ি আহিছে মোৰ। নোৱাৰা হৈছো সহিব 'ৰবাত বেয়া কিবা এটা হৈছে মোৰ মনটোৱে কৈছে। সম্ভৱতঃ পেটটোৰে উজাই আহিছিল ভুমিষ্ঠ হব খোজা সন্তানটিয়েই দিয়া বিষ। অটোচালকজনক মই কৈছিলো যিকোনো উপায়েৰে সোনকালে চিকিৎসালয় পোৱাব লাগে।  আমাৰ অটোখন ফুল স্পীডত চলিয়েই আছিল।  হঠাতে  উৰণীয়া সেতু শেষ হওঁ হওঁ হওঁতে  কেইবাখনো হাত আৰু ভৰি চিঙি উৰি আহি আমাৰ অটোৰ আগত পৰিছিল। পত্নীৰ মূৰ ঘুৰাই গৈছিল।মোৰ মূৰতোও আচন্দ্ৰাই কৰিছিল। মুখেৰে ওলাই আহিছিল : কৃষ্ণ।
পিছত আমি অচেতন হৈছিলোঁ দুয়ো অটোতে।
অটোচালকজনে বুজিছিল কথাবোৰ।
আমাক কতো নৰখোৱাকৈ সেই জুই,ধোৱা,মৃতদেহ,চেপা উত্তেজনাৰ মাজেদি বেলতলাৰ এজাইল হাস্পতাল পোৱাইছিলগৈ। মোক মূৰত  তেল পানী ঢালিছিল প্ৰথমে সমান্তৰালভাৱে ছিকিউৰিটি আৰু ৱাৰ্ড বয় এগৰাকীয়ে ততালিকে অনা stresher এখনত তুলি পত্নীক নিয়া হৈছিল অপাৰেছন থিয়েটাৰলৈ। মোৰ মুখত মাত নাছিল। সমুখৰ ফালে কেৱল চাই আছিলো। কাণেৰে একো শুনা নাছিলো।যেন বোবা হৈছিলোঁ বহুসময়। বিভৎসভাৱে চাৰিখন উৰি অহা হাত, ভৰিৰ দৃশ্যকেইটা চকুৰ আগত ভাঁহি আছিল মোৰ। চিকিৎসা কৰোৱা নাছিল মোক। পত্নীৰ খবৰ লবলৈও মুখলৈ মাত অহা নাছিল। অথৰ্ব  হৈছিলো ডেৰ ঘন্টামানৰ বাবে। বহি আছিলো কেৱল পাগল এটাৰ দৰে। দুঘন্টাৰ পিছত  চিকিৎসকে কৈছিল :শইকীয়া ছোৱালী এজনী হৈছে। মাকজনী এতিয়াও অচেতন। তিনি ঘন্টাৰ মূৰত পত্নীৰ জ্ঞান উভতি আহিছিল। তাৰ পিছত মোক সুধিছিল: কি হৈছিলহে আজি।
মই তেওঁক ফাঁকি এটা দি কৈছিলো: একো নাই 'ৰবাত ফটকা ফুটাইছিল কোনোবাই।
পিছত সমুখৰ টিভিটো বোমা-বাৰুদেৰে মহানগৰীৰ ভয়াবহ
বিস্ফোৰণত আঠ ত্ৰিশজন নিহত লোকৰ সংবাদটো পাই মোৰ ফালে চাই সেহাই সেহাই তেওঁ কৈছিল: আজি ইমান ডাঙৰ ফাঁকি এটা দিলা কিয়?

মই কলো:'তোমাক ভাল পাওঁ বাবে।'

লগে লগে কলো: 'তুমি মাক 'বলৈ ওলাই যাতনাত চটফটাই আছা। তোমাক কোন 'তে সেই দুঃসংবাদটো  দিওঁ। সেয়ে কওঁ: এয়া যুদ্ধৰ বিৰুদ্ধে প্ৰেমহে, ফাঁকি নহয়।


ধীৰেন শইকীয়া 
চন্দনপুৰ নুনমাটি
গুৱাহাটী।

No comments:

Post a Comment