বেটুপাত

বেটুপাত

Wednesday, 26 December 2018

প্ৰয়োজন ( কলচুম বিবি )

   দুয়োখন ভৰি নথকা বাবেই সি খুজি মাগি জীৱন যাপন কৰে অসহ্য 'দত সেইদিনাখন তাক উত্তপ্ত কংক্ৰিটৰ পদপথত বহি থকা দেখি অহা- যোৱা কৰা মানুহবোৰে নোচোৱাকৈ থাকিব নোৱাৰিলে কোনো -কোনোৱে তাক পইছা পাতি দি থৈ ' পিছত উৰহীৰ ওৰ লওঁতে বিদিশাই গম পালে যে তাৰ হেনো দুজনী ঘৈনীয়েক এজনীয়ে তাক ৰাতিপুৱা আনি এনেকৈ বহাই থৈ যায় আৰু আনজনীয়ে লৈ যায় মানুহৰ প্ৰয়োজন পূৰণৰ ,জীৱিকা নিৰ্বাহৰ কৌশল দেখি তাই তবধ মানিলে

#অভাৱ

ককায়েকৰ মাটিত থকা বাঁহকেইডালৰ বাবেই বিকলাংগ মানুহজনে বাঁহৰ সা-সামগ্ৰী তৈয়াৰ কৰি চাৰিটাকৈ পৰিয়াল পোহপাল দি আছে   চহৰত থকা চাকৰিয়াল ককায়েকে অজুহাত দেখুৱাই মাটিডৰা বিক্ৰী কৰি দিয়াৰে পৰা বেচেৰা ভায়েকটোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে

#সম্পদ

মাটি-সম্পত্তিৰে  একালৰ  ভৰপুৰ ঘৰখন এতিয়া উদং কৰ্মসূত্ৰে  বিদেশত থকা পুতেক কেইজনে পিতাকক লগত লৈ যাবলৈ বহুবাৰ চেষ্টা কৰিলে  প্ৰত্যেকবাৰেই সেই চেষ্টা বিফল ' ঘৰখনৰ চাৰিওফালে থকা নিজ হাতে প্ৰতিপাল কৰা গছ-গছনিবোৰ , গাওঁখনৰ মানুহবোৰ আৰু সহধৰ্মিনীৰ সৈতে কটোৱা '-' সিচঁৰতি হৈ থকা  স্মৃতিবোৰ কোন 'তে এৰি যায় এইবোৰেই জীৱনৰ বিয়লি বেলাৰ অমূল্য সম্পদ


কলচুম বিবি
মঙ্গলদৈ

No comments:

Post a Comment