বেটুপাত

বেটুপাত

Saturday, 22 December 2018

নৈ খনৰ সৈতে কথা পাতোঁতে (প্ৰস্তুতি বৰবৰা)

নৈ খনৰ সৈতে কথা পাতোঁতে

মই সুধিছিলোঁ নৈ খনক
তই বাৰু মোক আপোন কৰি লব পাৰিবিনে

নৈ খনে মোক সুধিলে কিয়?
মই সমাজৰ নিয়ম ভঙা
মই অপৰাধী
মোৰ বুকুৰ কুটুম হঁতে লগ এৰা দিলে
জীৱনৰ দিক বিদিক হেৰুৱাই মই তোৰ বুকুত জিৰণি বিচাৰিছো
মই নিৰুপায়
মই অসহায়
জীৱন্তে মই মৃত
তই বাৰু মোৰ কথাবোৰ বুজিছনে?

নৈ খনে একো নামাতিলে
হো হোৱাই বৈ গৈ থাকিল

আকৌ সুধিলোঁ
তইও মোক ঘিনাঅ
নেকি অ
নে তইও মোক গ্ৰহণ কৰিব নোৱাৰ
মোক সমাজে গ্ৰহণ নকৰে
মোৰ পৰিয়ালে গ্ৰহণ নকৰে
ভয় খাই অ
এঘৰীয়া হোৱাৰ ভয়
সমাজত মান হেৰুৱাৰ ভয়
সেয়ে কয়
জীয়া জুইকুৰা নুমাই দে
আমি শান্তি বিচাৰো
নিয়ম নমনাৰ শাস্তি অ
কিন্তু তইয়ে ক'চোন মই জানো ভুল কৰিছো
কিমান আৰু সমাজৰ ভয়ত নিজক শেষ কৰিম
তইও বাৰু ভয় খাৱ নেকি অ

মৌন হৈ নদীয়ে কৈ গল
ময়ো কঢ়িয়াই ফুৰো হাজাৰ বেদনা
কিন্তু মই মোৰ সোতত উটুৱাই দিওঁ মোৰ বেদনা
তইও তোৰ সোতত উটুৱাই দে
উটুৱাই নে আনক

বেলি হৈ পোহৰাই তোল সমস্ত পৃথিৱী
ৰঙচঙীয়া নহয় বগা সাজ পিন্ধি ল
বগা মানেই নহয় জানো সাতোৰঙৰ সমাহাৰ
আৰু সমাজ
সেইখন  সমাজেই পোহৰ বিচাৰি তোক
বৰপীৰা পাৰি দিব
অপেক্ষা কৰ

অাৰু যেতিয়া সুধিলোঁ প্ৰেমৰ কথা
নদীয়ে উত্তৰত কলে
তইতো জানই সাগৰৰ প্ৰেমিকা মই
তথাপি বেলিৰ সৈতে প্ৰেম মোৰ জন্ম জন্মান্তৰৰ
যদিও অামি কোনোদিন একেলগ হোৱাৰ কথা নাই তথাপি অমৰ প্ৰেম প্ৰেৰণাৰ উৎস
আবেলি আহি মোৰ কাষত এবাৰ থিয় দিবি, ,,
শেষত ক'লে-
জীৱন কি যদি সি
দুখৰ মুখ দেখা নাই
প্ৰেম কি যাৰ প্ৰেম দেখি
আনবোৰো প্ৰেমত পৰিবলৈ মন কৰা নাই।

প্ৰস্তুতি বৰবৰা
ডিব্ৰুগড় বিশ্ববিদ্যালয়
গণসংযোগ আৰু সাংবাদিকতা বিভাগ

No comments:

Post a Comment