বেটুপাত

বেটুপাত

Saturday, 22 December 2018

ভিন্নাকৃতিৰ কথাবোৰ (মুনমুন শইকীয়া )

ভিন্নাকৃতিৰ কথাবোৰ


কথাবোৰ চেপেটা হয়,
(মানুহজনে কোৱাৰ নিচিনা," একেটা কথাকে চেপেটা কৰি নাথাকিবি" ) 
কথাৰ ওপৰেৰে চলে গাড়ী,
(খুৰা হতেঁ কোৱাৰ নচিনা, "কথাৰ ওপৰেৰে গাড়ী নচলাবি") 
কথা বোৰ পোন হয়, একেবাৰে সৰলৰেখা সদৃশ,
এপাত কাঢ় হৈ বিন্ধে,
(তোমাৰ কথাবোৰ কাঢ় এপাতৰ নিচিনা, কেনেকৈ ইমান নিষ্ঠুৰ হব পাৰা বাৰু?) 
কথাবোৰ তৰল হয়, পনীয়া যাক কয়
(" পনীয়া ডাইলগ বোৰ নামাৰিবি দেই") 
আৱেগ বিহ্বল অন্তৰৰ পৰা নিগৰি ওলোৱা কথাবোৰ লেঙেচিয়াই যায়,
খোনাকৈ ওলায়।
তথাপিও কথাবোৰ হব লাগে,
চেপেটা, পোন, তৰলীকৃত, খোনা যেনেকৈ নহওক কথাবোৰ কব লাগে,
স্বতঃস্ফুৰ্তভাৱে ভাৱে,
যতি বিৰাম চিন নোহোৱাকৈ।
নহলে বুকুত সাপ এডাল বগায়, 
 চেচাঁ পৰি যায় নিশাবোৰ,
শোকে খুন্দা মাৰি ধৰে,
লাহে লাহে নিৰ্বাক হয় মানুহবোৰ।
নিস্তব্ধ হয় দিন ৰাতি বোৰ।
কথাবোৰ হব লাগে।
কব লাগে প্ৰাণখুলি।

মুনমুন শইকীয়া 

মিছামৰা, গোলাঘাট 
চলভাষ নম্বৰ:৮৬৩৮৯৩৭৮১৭

No comments:

Post a Comment