বেটুপাত

বেটুপাত

Saturday, 22 December 2018

চাকি (ভাস্কৰজিৎ নাথ)

চাকি


মোৰ  জন্মৰ কিমান বছৰৰ আগত
তাৰ জন্ম
মই নেজানো
কোঠাৰ বন্ধ এন্ধাৰজাকত জিলিকি থকা শিখাটোলৈ
মই যেতিয়া আঙুলিটো আগবঢ়াওঁ
"নাপাই সোণ,সেইয়া জুই!পুৰিব।"
আইৰ এই সাৱধান বাণী সমূহতেই
গঁঠা আছিল তাৰ ইতিহাস
জীৱনটো কেনি আহে কেনি যায়
ইকৰা চালিৰ জুপুৰীবোৰত
চাকিয়েই জীৱনক
স্বাগতম কিম্বা শেষ বিদায় জনায়।
সি এতিয়া মোৰ জীৱনটো পুৰি আছে যেনেদৰে
তাক পুৰি পুৰি মই টোকাবহীত চিঁয়াহীৰ
দোৱাতটো শুহিছিলোঁ
কুঁহিপাতৰ পাঠবোৰ লুটিয়াই
ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ
সপোন দেখিছিলোঁ।
সম্প্ৰতি,পোহৰবোৰে মোৰ মনটো ভৰাই তুলিব নোৱাৰে
চাটমৰা পোহৰে মোৰ সেউজ মনটো বৰকৈ বিন্ধে
চাকিৰ পোহৰত সাধুকথাৰ
সুৰ আছিল
ঝৰঝৰ বৰষুণৰ টোপালত নামি অহা সেমেকা
গোন্ধ এটি চাকিয়ে চলাইছিল
চাকিৰ পোহৰত কবিতাৰ ছন্দ উৰি ফুৰিছিল
তৰ্জাবোৰত ওলমি থকা অনাতাঁৰ যন্ত্ৰটোৰ
কথাবোৰ ঢিমিকি পোহৰত সুৰ হৈ বাজিছিল।

মই এটা চাকি হ'ব বিচাৰোঁ
গৰ্ভত হাজাৰ কবিতাৰ ভ্ৰূণ লৈ
হিংস্ৰ এন্ধাৰবোৰ কাটি মাৰি
মোৰ দেশ হওক আলোকময়
হে সুহৃদ
মোক জ্বলোৱা
মই জ্বলিব খোজোঁ।

-ভাস্কৰজিৎ নাথ
  ৩নং কাকী,হোজাই

No comments:

Post a Comment