বেটুপাত

বেটুপাত

Wednesday, 26 December 2018

ৰাস : মাজুলীবাসীৰ সপোনৰ সময় ( কৌশিক ৰঞ্জন বৰা )

      বুজা হোৱাৰ পৰাই গৌৰৱেৰে 'বলৈ শিকিছিলো আমি মাজুলীয়ান। এটকা মহন্তৰ থলী মাজুলীৰ সন্তান আমি। বৰগীত আৰু ঐনিতম সুৰৰ বোকোচাত উঠি আমি কঢ়িয়াও বোকা মাটিৰ গোন্ধ।
ভদীয়া বানৰ পৰা ককাঁল পোনাই লৈ মাজুলী বাসীয়ে প্ৰস্তুতি চলাই তেজৰ শিৰাই শিৰাই প্ৰবাহিত হৈ থকা ৰাসোৎসৱৰ বাবে। নদীদ্বীপ টো যেন পৰিণত হয় দ্বিতীয় দ্বাৰকাত।

ৰাস বুলি 'লেই পোনচাতেই মোৰ মনলৈ আহে স্বৰ্গীয় ককাৰ স্মৃতি। ককাৰ আঙুলিত ধৰি সৰুতে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ ৰাস চাবলৈ যোৱাৰ কথা। ৰাস পূৰ্ণিমাৰ দিনা হোৱা মেলাত ককাক কুটুৰি কুটুৰি মন পছন্দৰ বস্তুবোৰ লওঁ।তাৰ পাছত আকৌ আবদাৰ কৰো মা অথবা খুৰীহঁতক।" এইটো কিনি দিয়ানা। মোক ঘৰলৈ যাওঁতে কোচত নিব নালাগে খোজ কাঢ়িয়েই যাম।"

অক্টোবৰ মাহ সোমোৱাৰ লগে লগে আমাৰ পূৰ্ণ প্ৰস্তুতি চলে দিন ৰাসৰ মেলাৰ বাবে। দুৰ্গা পূজাৰ মেলাৰ দৰেই বহা এই মেলা খনলৈ বুলি জমা ৰাখো ঘৰলৈ আলহী অতিথি আহিলে দিয়া টকাবোৰ। মনে মনে কামনা কৰো এইবাৰ যেন বহুত আলহী আহে যেন।

ৰাস কেইদিন যৌথপৰিয়ালটোত দলদোপ হেন্দোলদোপ হয় আলহীৰে। ' ' পৰা আলহী ওলাইহি কবই নোৱাৰো। তাৰমাজতে আমাৰ পৰিসংখ্যা চলে চুবুৰিটোৰ কাৰ ঘৰত কিমান আলহী আছে। কমেও বিছ বাইছ জন আলহী হয় ৰাসৰ সময়ত

অলপ ডাঙৰ হোৱাৰ পৰা সমনীয়াৰ লগত ৰাস চাবলৈ যাওঁ।সেয়া এক অনন্য সোৱাদ।গধূলি সময়ত ঘৰ সোমাই মাহঁতক বুজাব বিছাৰো ডাঙৰ 'লো মই।

ৰাসৰ নাটক খনৰ প্ৰায়বোৰ সংলাপেই কন্ঠস্হ হৈ যায় যদিও প্ৰতিবাৰেই ৰাসত সেই একেই ভিৰ। কেতিয়াও ৰাস চাই নোপোৱা আলহীক বুজাই যাব লাগে নাটকৰ কাহিনীভাগ।

কেমেৰা প্ৰচলন হোৱাৰ পৰা মাজে মাজে ঘোষণা কৰে অনুগ্ৰহ কৰি ভিডিঅ' নকৰিব। তাৰ মাজতে কেমেৰাত বন্দী হয় কংস ,কালকেতু ....

 এবাৰ ৰাসৰ নাটক শেষহোৱাৰ পাছতো আমাৰ কাষত বহি থকা দুজন মান লোক উঠি নাই যোৱা। ভাবিলো টোপনিয়াই আছে  চাগৈ। কিন্তু ওচৰ পাই গম পালো তেওঁলোকে হেনো কংস বধ চাইহে যাব। ৰাসত যে কংস বধ নেদেখাই তাকে বুজাই কোৱাতহে ৰক্ষা।

আমি নবম মান শ্ৰেণীত পঢ়ি থকাৰ পৰাই ওচৰৰ ৰাস মঞ্চলৈ অসমীয়া চিৰিয়েলৰ লগত জড়িত কলা কুশলীক আনিছিল ৰাসত অভিনয় কৰাবৰ বাবে।সেইবাৰ ৰাস চাবৰ বাবে হোৱা মানুহৰ সমাগম পাহৰিব নোৱাৰা।

ৰাস মাজুলীবাসীৰ বাবে জীয়াই থকাৰ প্ৰেৰণা বুলি 'লেও মিছা কোৱা নহয়। অপেচাদাৰী নাটকৰ ইমান প্ৰচলন নথকাৰ বাবেই ৰাসৰ অভিনয়েই মাজুলীবাসীৰ বাবে হৈ পৰে মঞ্চাভিনয় চোৱাৰ সুবিধা।

তদুপৰি ব্যৱসায়ী সকলৰ বাবেই এই সময় চোৱাই হৈ পৰে সপোনৰ সময়। ফেৰী ঘাটৰ লেচীৰ পৰা গাড়ীৰ মালিক  সকলোৱে বাট চাই এই সময়লৈ।


কৌশিক ৰঞ্জন বৰা
প্ৰযত্নে : শ্ৰী হেমচন্দ্ৰ বৰা
2 নং কঁঢ়াল গাঁও
মাজুলী
ফোন নং :8638564938

No comments:

Post a Comment