বেটুপাত

বেটুপাত

Saturday, 22 December 2018

"বিলীন" (প্ৰীতি তালুকদাৰ)

 "বিলীন"
                                                
সূৰুযৰ এধানি আবিৰ সনাৰ হেঁপাহেৰে ৰয় সন্ধিয়া ৷
ম্লান পৰে তাত তাপত জাহ যোৱা মৰীচিকা,
যি আকৌ বৰষে শীতৰ সেমেকাত চেঁচা টোপাল হৈ
আৰু ?
আৰু দুখনি হাত 
বৰফ গলাই জঠৰ লগা হাতযোৰ ক্ৰমশ: খহিব;
ধূসৰ হ'ব প্ৰিয় ছবিবোৰ;
হেৰাই যাব চিনাকী ঠিকনাবোৰ সময়ৰ যুঁজত ৷
শিহৰণবোৰ গানৰ সুৰত অনুতপ্ত হৈ বাজিব;
সপ্তস্বৰ গৈ বিলীন হ'ব নিৰৱতাৰ ওঁঠত ।
ব্যস্ততাৰ খোজবোৰ আজি ক'ত ?
স্থবিৰতাৰ ঢৌৱে নুৱালে সেই খোজৰ চাপ...
বিলীন বিলীন সকলো বিলীন
গোমোঠা ভাঁজত সকলো বিলীন ।

   প্ৰীতি তালুকদাৰ
   ডি আৰ কলেজ, গোলাঘাট

No comments:

Post a Comment