বেটুপাত

বেটুপাত

Saturday, 22 December 2018

অপেক্ষাঃ এবছৰীয়া* (অজয় দাস)

*অপেক্ষাঃ এবছৰীয়া*


বাটৰ দাঁতিত এবছৰীয়া 
অপেক্ষাৰ বিষে 
হিয়া দহে
আক্ষেপৰ বেদনাই বুকু কুৰুকি কুৰুকি খায়

সৰি পৰাৰ বেদনা
সুগন্ধি সাঁচি থ'ব নোৱাৰাৰ বেদনা
বেদনাই দহা হৃদয়খন
ক্ৰমশঃ শিল হ'ব ধৰে
তথাপি অপেক্ষাৰ অন্ত নহয় সহজে..

বিজুলী চমকে
আকাশ বিদৰে
প্ৰতি আহিনৰ মেঘালী চুলিত
কুঁৱলী সনাৰ প্ৰতিশ্ৰুতি
বতাহে লৈ যায় টানি।

তথাপি আহিব খোজে
এৰাবাৰীৰ সমস্ত অতীত
সুগন্ধিত প্ৰেমাসক্ত হৈ
চেনাই ঘূৰি আহে

কিন্তু জনাব নোখোজে বতাহে
জানিব নোখোজে কোমল কঁহুৱা ফুলে
আৰু তৰালী আকাশে

ধৈৰ্যৰে ৰৈ থাকে শেৱালি
অপেক্ষাৰ শিলত মূৰ খুন্দিয়াই খুন্দিয়াই...

অজয় দাস
(৯১২৭৩৪৪৭৯৮)
ঠিকনাঃহয়বৰ গাঁও,নগাঁও

No comments:

Post a Comment