বেটুপাত

বেটুপাত

Saturday, 22 December 2018

ৰজনীগন্ধাৰ বিষাদ ( মীনাক্ষী প্ৰিয়দর্শিনী)

 ৰজনীগন্ধাৰ বিষাদ 

           

মৌন দুচকুত ৰজনী গন্ধা নিশাবোৰ সাৰে ৰয়      .......কিয় নাজানো!!
মন গহনৰ আলফুলিয়া তৃষা বোৰ স্তব্ধ হয়....সেয়াও নাজানো!!
আলিংগনৰ মুক্ত আকাশত এতিয়াও ৰুদ্ধ   . ...
তুমি নামৰ সেই চিনাকি সুবাস।।
শালিকী পুৱাৰ সেউজী আঁচলত অনুভৱৰ কঁহুৱা প্ৰতিদিনে ফুলে,,
সাজৰ নীহাৰিকাৰ নীৰৱ দাপোণত অনুভূতিৰ জোন 
আহোৰাত্রী জ্বলে।।
মতলীয়া তাজমহল কিদৰে সাজোঁ...
উন্মাদ হৃদয়খন যে ছাই হব খোজে!!
বিষাদৰ ঐনিতম নুশুনাবা আৰু.  ...
কিয়নো
মই যে অবৰুদ্ধ তোমাতেই 
বাৰে বাৰে।।
তুমিহীন সেই উন্মনা  বাটত. .
শৰতৰ ফুল নুফুলে এতিয়া!!
স্মৃতিৰ এজাক শাওনৰ বৰষুণ,
নামে কেতিয়াবা....
কোনোবা লাৱনী ৰূপালী সন্ধ্যাত ।।
সোনোৱালী সোৱণশিৰিৰ আছুতীয়া পাৰত.....
ৰৈ আছোঁ ......তোমালৈ!
তুমি অহাৰ এই  স্বপ্নিল ঘাটত...
জানোচা....
ফুলিব পাৰো এপাহ সূৰ্যমুখী হৈ।।

 মীনাক্ষী প্ৰিয়দর্শিনী

No comments:

Post a Comment