বেটুপাত

বেটুপাত

Wednesday, 26 December 2018

চেলেকা পোকৰ ভোক ( বিশ্বজিৎ ডি চেতিয়া )

চেলেকা পোকৰ ভোক

-বিশ্বজিৎ ডি চেতিয়া

              []

লান্স ব্ৰেকৰ আগে আগে হঠাৎ কাব্যশ্ৰীৰ প্ৰতি অসন্তুষ্ট ' বছ আৰু 'জী।ৰ'জীৰ ইলিগেল কাম এটাৰ বিৰুদ্ধে সোচ্চাৰ হওঁতে বছ নাৰাজ হৈ 'ল।আচলতে কাব্যশ্ৰীয়ে কৰোঁ বুলিয়েই কৰিলে।ৰ'জী এদিন অফিচলৈ নাহিল,পিছদিনা এটেনডেন্সবুকত এবচেণ্ট ডেটতো চহী মাৰি দিলে;এনেই বছে আনবিলাক নাহিলে এবচেণ্ট লিখি দিয়ে কিন্তু 'জীৰ ক্ষেত্ৰত নকৰে।কাব্যশ্ৰীয়ে কথাটো লক্ষ্য কৰিলে।সদায়ে নিজৰ ৱাইফ ' বুলিয়ে অনৈতিক কাম কৰি থাকিব -এই কথাই কথা নহয় বুলি কাব্যশ্ৰীয়ে ধৰিলেই।বছে টাই-বাই কথা কৈ বিষয়টোৰ পৰা আঁতৰিব খুজিলে যদিও কাব্যশ্ৰীয়ে নেৰিলে।বছ উপায়ন্তৰ 'ল।
'এইটো ইলিগেল কাম হৈছে ছাৰ।আমি যি ;'জী মেমো একে-এই অফিচৰ এগৰাকী এমপ্লয়িহে।ঘৰৰ কথা বেলেগ-ঘৰৰ কথাত মাত মাতিবলৈ নাযাওঁ;কিন্তু অফিচত মাতিবই লাগিব।আমি যেতিয়া এদিন নাহিলেই এবচেণ্ট পাওঁ তেন্তে তেৱোঁ পাব লাগে।কিন্তু তেওঁ পোৱা নাই।এইয়া পাৰ্চেলিটী বা দুমুখীয়া নীতি গ্ৰহণ কৰাৰ দৰে হৈছে।এনে 'লে বেয়া লাগে।"
"কাব্যশ্ৰী,তুমি মোক এইবোৰ শিকাব নালাগে।তুমি জানানে তুমি কাৰ আগত কথা কৈ আছা?মই তোমাৰ বছ,তুমি মোৰ আন্দাৰত কাম কৰি আছা।তুমি মোক ৰুল ৰেগুলেচন শিকাব নালাগে।নেক্স টাইম এইবোৰ সৰু সুৰা কথাত মাত মাতিলে তোমাৰ ওপৰত একচন লোৱা 'ব।"বছ গৰগৰাই উঠিল।
"' পাৰে একচন,লওক এইবাৰেই লওক।কিন্তু সেইবুলিয়েই সঁচাটো মিছা হৈ নাযায়।উপযুক্ত প্ৰমাণ ৰাখিহে কথাটো কৈছোঁ।নহ'লে জানো কওঁ?" -কাব্যশ্ৰী ফোঁফোঁৱাই কেবিনৰ পৰা ওলাই আহিল।দেখিলোঁ তাইৰ মুখ ফুলা-বুজিলোঁ কিবা এটা হৈছে কিন্তু সোধাৰ প্ৰয়োজন নহ'ল।
"চাওকচোন 'জী কালি অহা নাই,কিন্তু এবচেণ্ট ডেটটো চহী মাৰি ফিলআপ কৰি পেলালে।কিন্তু আমাৰ ক্ষেত্ৰত এদিন নাহিলেই তৎক্ষণাত এবচেণ্ট লিখি চেলাৰী কাটিবলৈ ঠেং দাঙি থাকে।নিজৰবোৰক নকৰে;মোক ৱাৰ্ণ কৰে,ব্যৱস্থা লয়;লওকচোন বোলো ব্যৱস্থা।ভয় কৰিম নেকি সঁচা 'বলৈ।"
      সকলোৰে খং উঠিল।ণ
"বছৰ এইবোৰ পুৰণিকলীয়া চেও,কুকুৰে ছাঁই ' এৰিব!নেজবেঁকা কুকুৰৰ স্বভাৱেই সেইটো" -নৃপেনদাই চমুৱাই 'লে।
"তেৰাৰ 'জীৰ আঙুলিৰ ঠাঁৰত নাচোঁতেই দিন যাব আৰু!"-চিত্ৰলেখাই তলমূৰ কৰিয়ে 'লে।
"আমাৰ চেলাৰী কাটিলে একো নহয় আৰু তেওঁৰ সেইপাতৰ চেলাৰী কাটিলে প্ৰব্লেম হয়।কিহৰ সেইবোৰ পাৰ্চেলিটী?আমি হাঁহিব নোৱাৰোঁ,কথা এষাৰ পাতিব নোৱাৰোঁ ৰিপৰ্ট পায়গৈ কামত গাফিলতি কৰা বুলি।নিজৰবোৰক আকৌ নেদেখে।"
"এইবোৰ হাজাৰ নিয়ম উলিয়ালেও একেই থাকিব।ন নিয়ম উলিয়াব আৰু আমি ফল' কৰিব লাগিব।ৰ'জীয়ে কৰা নকৰা ছেকেণ্ড থিং কথা"- বৰতামুলীয়ে সৰুকৈ 'লে।
 দেখিলোঁ জিয়া লাহেকৈ কেবিনৰ ফালে গৈছে।চকুৰ ইংগিতত সকলোৱে গম পাই 'ল।
"এইকো দিম দুচৰমান।কথা লগোৱা স্বভাৱ একে চৰে বাহিৰ  কৰিম।চাইহে আছোঁ।"কাব্যশ্ৰীৰ কথাত সকলো আচৰিত 'ল।
"সকলোৱে মোৰ ফালে চাই থৰ লাগিলযে?"
"নাই চাইছোঁ এইজনী কাব্যশ্ৰীয়ে নে?যিজনী কাব্যশ্ৰী সদায় নীৰৱে থাকে!আজিচোন বেলেগ!"নৃপেনদাই আচৰিত হৈয়ে 'লে।
 "নীৰৱে থাকো মানে এইটো নহয় যে একো ' নোৱাৰোঁ।লিগেলী কামবোৰ হৈ থাকিলে ভাল লাগে।"
   হঠাত মুখ ওন্দোলাই 'জী কেবিনৰ পৰা ওলাই আহিল আৰু চিধাই কাব্যশ্ৰীৰ ওচৰ পালেহি।
"কাব্যশ্ৰী,মোৰ যেনিবা ভুল ' তাকে ইমান কমপ্লেইন কৰিবলৈ কি '?ভুল সকলোৰে হয়,মোৰো ' তাকে ইমান তৰ্ক কৰাৰ প্ৰয়োজন কি?"
"বেয়া নাপাব;ভুলটো এদিনীয়া নহয়।কিন্তু সঘনাই 'লে কথাটো বেলেগ হয়।"
"সঘনাই ভুল হোৱা ' দেখিলা?অকল মোৰহে ভুল হোৱা দেখিলা?কত বেআইনী কাম কৰি আছে বেলেগে,সেয়া দেখা নাই?"
"কি বেআইনী কামৰ কথা 'লে বা!আৰু বেলেগে কিবা ভুল কৰিলে লগালগ বিহিত ব্যৱস্থা লোৱা হয়;কিন্তু সকলোৰে ক্ষেত্ৰত ব্যৱস্থাটো লোৱা নহয়।-এতিয়া লান্স ব্ৰেকৰ টাইম ';কিবা এটা খাই লওগৈ;অনৰ্থক কথি কিছুমান পাতি পেট ভৰোৱাৰ ইচ্ছা মোৰ নাই।"-টিফিন বক্সটো লৈ কাব্যশ্ৰী 'জীৰ ওচৰৰ পৰা আঁতৰি 'ল।খঙত একো নাই হৈ 'জী বিপাশাৰ ওচৰ পালেগৈ।তাইক 'লে কথাটো হেনো হাই অথৰিটিক জনাব।কথাটো শুনি মোৰ হাঁহি উঠি 'ল।হাই অথৰিটিক কথাটো জনাবলৈ 'জীৰ হাই অথৰিটিৰ লগত ভালেই নাই।লাডেনৰ লগত ৰাহিয়েই নাহে।বছৰ বাবেহে তিষ্ঠি আছে।তাকে কাব্যশ্ৰীক কওঁতে তাই আকৌ কাজৰীবাৰ দৰে আচৰিত কথা এটা কৈ দিলে।তাইৰ কথা শুনি আকৌ আশ্বৰ্যত মুখখন মেল খাই 'ল। (ক্ৰমশঃ)

-বিশ্বজিৎ ডি চেতিয়া

            

(ক্ৰমশঃ)

No comments:

Post a Comment