বেটুপাত

বেটুপাত

Saturday, 22 December 2018

আঘোণৰ আঙুঠি (পৰাগজ্যোতি মহন্ত)

আঘোণৰ আঙুঠি


জিঞাৰ পাতল পাখিৰ দৰে এজাক সুৰৰ সপোন
এডাল কুঁৱলীৰ জখলা 
আৰু এখন সদ্যোজাত  আশাৰ ৰামধেনু সামান্য উচ্চতাত ৷

আঙুলিবোৰত খাজ কাটি কাটি সেউজীয়াবোৰে পিছলাইছে আঘোণৰ আঙুঠি 
আঙুলিবোৰত শীতাৰ্ত ৰ’দ ৷
লোভ আৰু লেলাউটিৰ শীতল যুদ্ধ 

পথাৰবোৰে বহলাই দিছে আকাশলৈকে বুকু 
বুকুত এজাক জীয়া আৱেগ,য’ত এদিন সপোন উমলিছিল প্ৰতিশ্ৰুতিৰ জোনাকত,গঢ়িছিল মুঠি মুঠি ৰামধেনুৰ সেঁতু,বঁকিয়াত আঁউজি বহিছিল সুমথিৰা ৰঙৰ  হেপাহৰ ৰ’দ ৷

এতিয়া এডাল সোণোৱালী ৰেখাই স্পৰ্শ কৰে আকাশ
ৰ’দ আৰু বতাহ ৷

আকাশৰ পৰা সৰি পৰা ঘোলা ডাৱৰৰ মাদুৰিত
সুহুৰিয়াই সুহুৰিয়াই এজোলোকা সোণালী পমুৱা তোলা
অ’ মোৰ সহস্ৰ নিশাৰ জোনাকী বাটেৰে আঘোণ ৷


পৰাগজ্যোতি মহন্ত

No comments:

Post a Comment